fbpx
ৰাষ্ট্ৰীয়

পঞ্জাৱত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত সভাপতি পদৰ পৰা নৱজৌত সিং সিদ্ধুৰ পদত্যাগ…

অলপতে হৈ যোৱা পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় কংগ্ৰেছ দল।

শোচনীয় পৰাজয়ৰ পিছত পঞ্জাৱ কংগ্ৰেছ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে নৱজোৎ সিং সিদ্ধুৱে।

সিদ্ধুৱে নিজৰ পদত্যাগ পত্ৰ ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰি তাৰ পিছত তেওঁ পদত্যাগ পত্ৰখন টুইটাৰত শ্বেয়াৰ কৰে।

উল্লেখ্য যে, নিৰ্বাচনত কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ পিছতে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে পাঁচখন ৰাজ্যৰ কংগ্ৰেছ মুৰব্বীসকলৰ পদত্যাগ বিচাৰিছিল।

এনে পৰিস্থিতিত, পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নৱজ্যোত সিং সিদ্ধুৱেও বুধবাৰে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে।

Image

তেওঁ পদত্যাগত মাত্ৰ পাঁচটা শব্দ লিখিছিল। তেওঁ ইয়াত লিখিছিল, ‘আই হিয়াৰবাই ৰিজাইন এজ প্ৰেছিডেণ্ট (পিপিচিচি)।’

উল্লেখ্য যে, পঞ্জাৱ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীৰ লগতে, পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজৌত সিং সিদ্ধুও নিৰ্বাচনত পৰাস্ত হৈছিল।

কংগ্ৰেছক এক প্ৰকাৰ বিধ্বস্ত কৰি পঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে একক সংখ্যা গৰিষ্ঠতাৰে ক্ষমতা হস্তগত কৰিবলৈ সক্ষম হয়।

দলটোৱে ইতিহাস সৃষ্টি কৰি ৯২ খন আশন দখল কৰিছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!