পঞ্চায়ত কাৰ্যালয়ত ছুইপাৰ হিচাপে কৰ্মৰত মহিলা নিৰ্বাচিত হ’ল পঞ্চায়তৰ সভানেত্ৰী!

পঞ্চায়ত কাৰ্যালয়ত ছুইপাৰ হিচাপে কৰ্মৰত মহিলা নিৰ্বাচিত হ’ল পঞ্চায়তৰ সভানেত্ৰী!

December 31, 2020 0 By NEWS DESK

নিউজ ডেস্ক। কাৰ কেতিয়া কেনেকৈ সৌভাগ্য উপস্থিত হয়, সেইয়া কোনেও ক’ব নোৱাৰে। বাটৰ ভিক্ষাৰীও কেতিয়াবা হ’ব পাৰে কোটিপতি। সেইয়া যেন সময়েহে নিৰ্ধাৰণ কৰে। তেনে এক ঘটনা হৈছে কেৰেলাত।

দক্ষিণ কেৰেলাৰ কল্লাম জিলাৰ পথানপুৰম গাওঁ পঞ্চায়তত প্ৰায় ১০ বছৰ কাল অংশকালীন ছুইপাৰ হিচাপে কৰ্মৰত এ আনন্দাভালী নামৰ ৪৬ বছৰীয়া মহিলা গৰাকী হলগৈ সেই পঞ্চায়তৰে সভানেত্ৰী।

পুৱা সোনকালে গৈ কাৰ্যালয়ৰ চকী মেজৰ ধূলি আঁতৰাই সকলো চাফ চিকুন কৰা আনন্দাভালী এতিয়াৰে পৰা কাৰ্যালয়লৈ যাব সভানেত্ৰী হিচাপে।

পূৰ্বতে মাহে ২০০০ টকা দৰমহা লাভ কৰা আনন্দাভালীয়ে এতিয়াৰ পৰা মাহে লাভ কৰিব ৬০০০ টকা। ভাৰতীয় সাম্যবাদী দল (মাৰ্ক্সবাদ) ৰ পৰা বুধবাৰে নিৰ্বাচিত হৈছে আনন্দাভালী।

সৌভাগ্যই লগ দিয়া আনন্দাভালীয়ে আনন্দতে আৱেগিক হৈ কয় যে, ‘মই আজি সঁচাকৈয়ে সুখী। আমাৰ দলেহে এনে কাম কৰিব পাৰে। মই বৰ্তমান অস্বস্তিত পৰিছো এই খবৰ শুনি। কিন্তু মোৰ দলৰ কৰ্মী আৰু শুভাকাংশীয়ে এই নতুন দায়িত্ব লবলৈ উৎসাহ দিছে। মোৰ দায়িত্ব এতিয়া বাঢ়িল। আমাৰ পঞ্চায়তটোক আদৰ্শ পঞ্চায়ত হিচাপে গঢ়ি তুলিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিম।’

উল্লেখ্য যে কেৰেলাতে বিগত সপ্তাহত দেশৰ ভিতৰতে কনিষ্ঠতম মহিলা মেয়ৰ হিচাপে আৰ্য্য ৰাজেন্দ্ৰনে তিৰোৱনন্তপুৰম পৌৰ সভাত নিযুক্তি লাভ কৰিছিল। ইয়াৰোপৰি মুঠ ৪ গৰাকী ২১/২২ বছৰীয়া প্ৰতিনিধি এইবাৰ কেৰেলা পৌৰ সভা নিৰ্বাচনত নিৰ্বাচিত হৈছে। কেউগৰাকীকে নিৰ্দিষ্ট পদবীত নিযুক্তিও দিয়া হৈছে।