অসমঅসমীয়া

পঞ্চম আৰু অষ্টম শ্ৰেণীত অনুষ্ঠিত হ’ব বছৰেকীয়া পৰীক্ষাঃ শিক্ষামন্ত্ৰী ঘােষণা

নিউজ ডেস্ক। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰণােজ পেগুৰ ঘােষণা।

এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ অধীনস্থ সকলাে বিদ্যালয়তে নিয়মীয়াকৈ অনুষ্ঠিত হ’ব পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা।

এই পৰীক্ষাৰ ফলাফলৰ ওপৰতে নিৰ্ভৰ কৰিব ছাত্ৰ-ছাত্ৰীৰ পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত হ’ব নে নাই।

এই বছৰেকীয়া পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে ফলাফলৰ দুমাহ পিছত পুনৰ অনুষ্ঠিত হ’ব বিশেষ পৰীক্ষা।

এই পৰীক্ষাতাে অনুত্তীৰ্ণ হ’লে পৰৱৰ্তী বছৰৰ বাবে পুনৰ একেটা শ্ৰেণীতে কৰিব লাগিব অধ্যয়ন।

দিছপুৰত এক সংবাদমেলত এই কথা ঘােষণা কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ অধিকাৰ আইন ২੦੦৯ ৰ ২੦১৯ চনত এক সংশােধনী ঘটাইছে।

এই সংশােধনীৰ অধীনতে ৰাজ্য চৰকাৰৰ এই আইনৰ দফা নং ১৬ ৰ অধীনত সিদ্ধান্ত এই শিক্ষান্ত গ্ৰহণ কৰিছে।

Related Articles

Back to top button