পঞ্চম আৰু অষ্টম শ্ৰেণীত অনুষ্ঠিত হ’ব চূড়ান্ত পৰীক্ষা! শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা…

নিউজ ডেস্কঃ ৰাজ্যৰ শিক্ষাখণ্ডত পুনৰ পৰিৱৰ্তন।

এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীত অনুষ্ঠিত হ’ব চূড়ান্ত পৰীক্ষা।

এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব দুয়োটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে।

এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে।

চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ বাবে অনুষ্ঠিত কৰা হ’ব বিশেষ পৰীক্ষা।

এই পৰাক্ষীতো অনুত্তীৰ্ণ হ’লে একেটা শ্ৰেণীতে পুনৰ পঢ়িব লাগিব ছাত্ৰ-ছাত্ৰীয়ে।