ন’ পাৰ্কিং জ’নত ৰখাইছিল স্কুটী! ট্ৰেফিক আৰক্ষীয়ে গাড়ীখন উঠাই নিয়াৰ সময়ত বতাহতে ওলমি ৰ’ল ব্যক্তি, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ ন’ পাৰ্কিং জ’নত স্কুটীখন ৰখাইছিল এজন ব্যক্তিয়ে। যাৰ বাবে আৰক্ষীৰ টোয়িং ট্ৰাকে স্কুটীখন উঠাই নিয়াৰ সময়ত স্কুটীসহ শূণ্যতে ওলমি ৰ’ল এজন ব্যক্তি।

এনে এক ভিডিঅ’ এতিয়া ব্যাপকৰূপত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ভাইৰেল ভিডিঅ’টো মহাৰাষ্ট্ৰৰ নাগপুৰৰ সদৰ বজাৰৰ অঞ্জুমান কমপ্লেক্সৰ সমীপৰ ন’ পাৰ্কিং জ’নৰ বুলি জানিব পৰা গৈছে।

দৰাচলতে এগৰাকী ব্যক্তিয়ে ন’ পাৰ্কিং জ’নত স্কুটীখন ৰখাই বজাৰ কৰিবলৈ লওতেই ট্ৰেফিক আৰক্ষীয়ে টোয়িং ট্ৰাকৰ জৰিয়তে স্কুটীখন টানি নিয়াৰ চেষ্টা চলায়। কিন্তু নিজৰ মৰমৰ স্কুটীখন এৰিবলৈ কোনোপধ্যেই মান্তি নোহোৱা লোকজনে স্কুটীখনৰ ওপৰতে বহি ৰয়।

যাৰ ফলত টোয়িং ট্ৰাকে স্কুটীখন ডাঙি নিয়াৰ সময়ত স্কুটীৰ সৈতেই বতাহত ওলমি ৰয় ব্যক্তিজনো। এই ঘটনাৰে এটা এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ভাইৰেল ভিডিঅ’ত ব্যক্তিজনে তেওঁক আৰু স্কুটীখন মাটিত নমাবলৈ টোয়িং ট্ৰাকৰ চালকক অনুৰোধ কৰা দেখা গৈছে। কিন্তু সেই সময়তো অবিচলিত ভাৱত দেখা পোৱা গৈছে ব্যক্তিজনক।

ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছে লক্ষাধিক লোকে এই ভিডিঅ’টো প্ৰত্যক্ষ কৰিছে। ভিডিঅ’টোক লৈ নানা ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেট ব্যৱহাৰকাৰী সকলেও।