নৱ দম্পতীলৈ বিশেষ উপহাৰ! দৰা কইনাক উপহাৰ হিচাপে আগবঢ়ালে পেট্ৰ’ল-ডিজেল…

নিউজ ডেস্ক। অভাৱনীয় হাৰত মূল্য বৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ। যাৰ বাবে এতিয়া সাধাৰণ জনতাৰ মাজত লাগিছে হাহাকাৰ।
হোৰাহোৰে বৃদ্ধি পোৱা পেট্ৰ’ল-ডিজেলৰ মূল্যৰ বাবে বৃদ্ধি পাইছে আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰো।
সামগ্ৰীৰ এনে মূল্যবৃদ্ধিৰ বাবে এহাল দৰা-কইনাক পেট্ৰ’ল-ডিজেল উপহাৰ দিলে তেওঁলোকৰ বন্ধুৱে। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই উপহাৰ প্ৰদানৰ ফটো, ভিডিঅ’।

দৰাচলতে তামিলনাডুত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈছেগৈ ১১০.৮৫ টকা আৰু ডিজেল প্ৰতিলিটাৰৰ দাম হৈছে ১০০.৯৪ টকা।
এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ ছেগালপটু জিলাৰ চেয়ুৰত অনুষ্ঠিত এখন বিবাহত দৰা-কইনাক এক-এক লিটাৰকৈ পেট্ৰ’ল-ডিজেল উপহাৰ দিয়ে তেওঁলোকৰ বন্ধুসকলে।
দৰা গিৰীশ কুমাৰ আৰু কইনা কীৰ্তনাই উপহাৰ হিচাপে পেট্ৰ’ল-ডিজেল লাভ কৰাত উপস্থিত সকলো হতচকিত হৈ পৰে যদিও অতি আনন্দৰে দৰা-কইনাই গ্ৰহণ কৰে বন্ধুৰ উপহাৰ।
সামাজিক মাধ্যমত এতিয়া চৰ্চা লাভ কৰিছে বিবাহৰ এই ব্যতিক্ৰম উপহাৰে।