নৱেম্বৰত দেশৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰৰ ভিতৰত দশম স্থান লাভ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ…

নিউজ ডেস্কঃ ঘৰুৱা যাত্ৰী চলাচলৰ ক্ষেত্ৰত ২০২২ বৰ্ষৰ নৱেম্বৰত ভাৰতৰ ভিতৰত দশম সংখ্যক অতি ব্যস্ত বিমানবন্দৰ হিচাপে স্থান লাভ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ।

নৱেম্বৰ মাহত গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা দৈনিক চলাচল কৰিছিল ১৬ হাজাৰৰো অধিক যাত্ৰীয়ে।

২০২২ বৰ্ষৰ নৱেম্বৰত এই বিমান বন্দৰটোত যাত্ৰা আৰু অৱতৰণ কৰিছে মুঠ ৪ লাখ ৫৭ হাজাৰ ৮৫৮ গৰাকী ঘৰুৱা যাত্ৰীয়ে।

বিগত বৰ্ষৰ একে মাহৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে চলিত বৰ্ষৰ নৱেম্বৰৰ যাত্ৰীৰ সংখ্যা।

কোভিড মহামাৰীৰ পূৰ্বে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰে ভাৰতৰ অতি ব্যস্ত বিমান বন্দৰৰ ভিতৰত একাদশ স্থান লাভ কৰিছিল।