নৱমবাৰৰ বাবে স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ…

আজি দেশে উলহ–মালহেৰে পালন কৰিছে ৭৬সংখ্যক স্বাধীনতা দিৱস।
স্বাধীনতাৰ মহাৰজত জয়ন্তী অৰ্থাৎ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ বছৰত ভৰি দিলে স্বাধীন ভাৰতে।
দেশে এইবাৰ তিনিদিয়াকৈ উদযাপন কৰা স্বাধীনতা দিৱসৰ আজি তৃতীয়টো দিন।
স্বাধীনতা দিৱস উপলক্ষে আজি পুৱাই প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে নৱমবাৰলৈ লালকিল্লাত উত্তোলন কৰিলে ত্ৰিৰংগা।
Watch | PM Narendra Modi unfurls the National Flag at Red Fort on the 76th #IndependenceDay
— Hindustan Times (@htTweets) August 15, 2022
📹 PIB India
Track all updates – https://t.co/Cx2aw4XaAs #IndiaAt75 pic.twitter.com/maDqoOfJFI
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে। ইয়াৰ পিছত মোদী লালকিল্লাত উপস্থিত হৈ তিৰংগা উত্তোলন কৰে।
স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। দিল্লী আৰক্ষীয়ে ড্ৰোণ আৰু ইউএভি আদিৰে যিকোনো সম্ভাৱ্য বিপদৰ মোকাবিলা কৰাৰ বাবে লালকিল্লাৰ অঞ্চলত ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত কাউণ্টাৰ ড্ৰোণ ছিষ্টেম ইনষ্টল কৰিছে, যিয়ে ৪ কিলোমিটাৰ পৰিধিত যিকোনো উৰি থকা সামগ্ৰী ট্ৰেক কৰি তাক নিষ্ক্ৰিয় কৰিব।