
নিউজ ডেস্ক। এটা নতুন বছৰক আদৰিবলৈ মাজত আৰু মাথোঁ কেইটামান দিন। ইতিমধ্যে ঠায়ে ঠায়ে প্ৰস্তুতি চলিছে ২০২১ক বিদায় দি ২০২২ক আদৰণি জনোৱাৰ। ৰাজ্যৰ প্ৰায় সকলো পিকনিক প্লেচ এতিয়া জনসমূদ্ৰত পৰিণত হৈছে।
কিন্তু নৱবৰ্ষ উদযাপনৰ সময়তে সৰ্বাধিক বৃদ্ধি পায় দুৰ্ঘটনাৰ সংখ্যা। যাৰ বাবে এইবাৰ নৱবৰ্ষ উদযাপনৰ সময়ত এজন লোককো দুৰ্ঘটনাত মৃত্যু হবলৈ নিদিয়ে বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিজ্ঞাবদ্ধ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈকে যেন এতিয়া উঠিপৰি লাগিছে ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, ডিটিঅ’ আৰু আবকাৰী অধীক্ষকসকলক ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত ড্ৰিংক এণ্ড ড্ৰাইভৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে।
মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত আৰু অন্যান্য বিষয়াসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত সুৰাপান কৰি গাড়ী চলোৱাৰ পৰিঘটনা প্ৰতিহত কৰিবলৈ ৰাস্তাত পৰ্যাপ্ত নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।
In view of the rampant drink & drive cases & the related casualties, especially during festive seasons, I held a VC with DCs, SPs, DTOs & Supts of Excise of all districts.
— Himanta Biswa Sarma (@himantabiswa) December 24, 2021
Instructed officials to put adequate measures to prevent the drink & drive cases. pic.twitter.com/5rlK4lnm6Y
তেওঁ উপায়ুক্ত সকলক বিশেষকৈ ৩১ ডিচেম্বৰৰ নিশা অসমৰ জিলা অসামৰিক চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহ পৰিদৰ্শন কৰিবলৈ আৰু চিকিৎসকৰ উপলব্ধতা আৰু পথ দুৰ্ঘটনাত পীড়িতসকলৰ বাবে তাৎক্ষণিক চিকিৎসা নিশ্চিত কৰিবলৈও কয়। তদুপৰি, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকসকলক যিকোনো আৱশ্যকতা পূৰণ কৰিবলৈ এম্বুলেন্স সাজু ৰাখিবলৈ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, “মানুহে উৎসৱৰ বতৰ উপভোগ কৰা উচিত। কিন্তু এই উপভোগে কোনো চৰম সীমা অতিক্ৰম কৰিব নালাগে। প্ৰতিটো জীৱন মূল্যৱান। উদযাপনৰ নামত মূল্যৱান মানৱ জীৱন হেৰুৱাব নালাগে”। সেয়েহে তেওঁ মটৰ চালকসকলক সুৰাপান কৰি গাড়ী চলোৱা কাৰ্য পৰিহাৰ কৰিবলৈ আহ্বান জনায়।
Also instructed officials to
— Himanta Biswa Sarma (@himantabiswa) December 24, 2021
☑️Visit hospitals & ensure availability of doctors to attend to emergency accident cases especially on 31st Dec night
☑️Keep ambulances ready to meet any exigencies
☑️Deploy police & SDRF in picnic spots near rivers to prevent drowning cases
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ডিচি আৰু এছপিসকলক যিকোনো নৈ দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ নদীৰ কাষত থকা বনভোজস্থলীত আৰক্ষী আৰু এছডিআৰএফ কৰ্মী মোতায়েন কৰিবলৈও কয়। তেওঁ তেওঁলোকক সুৰাৰ প্ৰভাৱত কৰিব পৰা যিকোনো ধৰণৰ খৰধৰ গাড়ী চলোৱা পৰিহাৰ কৰিবলৈ প্ৰচাৰৰ জৰিয়তে পৰ্যাপ্ত সজাগতা সৃষ্টি কৰিবলৈও নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি কামৰূপ (এম) জিলা প্ৰশাসনে শুকুৰবাৰে নিশা গুৱাহাটীত ড্ৰিংকছ এণ্ড ড্ৰাইভৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানটো গণেশগুৰি আৰু চহৰৰ অন্যান্য ঠাইত চলোৱা হয়। ডিটিঅ’ হিমাংশু দাসৰ নেতৃত্বত এই অভিযান চলোৱা হয়।