অসমীয়াঅসম

নৱবৰ্ষৰ পহিলা দিনটোত মহানগৰবাসীলৈ উপহাৰ মুখ্যমন্ত্ৰীৰ! মুকলি কৰা হ’ল ১০০ খন CNG বাছৰ সেৱা…

নিউজ ডেস্কঃ নৱবৰ্ষৰ পহিলা দিনটোত মহানগৰবাসীলৈ বিশেষ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

প্ৰথমবাৰৰ বাবে গুৱাহাটীত মুকলি কৰিলে CNG ষ্টেচন।

বেতকুছিৰ ISBTৰ ইণ্ডিয়ান অইলৰ ডিপোত এই ষ্টেছন মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগতে ১০০ খন CNG বাছৰ সেৱাও মুকলি কৰে মুখ্যমন্ত্ৰীয়ে।

নতুন বছৰটোত পুনৰ ২০০ খন বৈদ্যুতিক বাছ মহানগৰীত মুকলি কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।

এই বছৰটোত স্মাৰ্টচিটীৰ অধীনত বহু উন্নয়নমূলক কাম কৰাৰ প্ৰতিশ্ৰুতি।

আনহাতে এএছটিছিক লাভজনক পৰিৱেশলৈ ওভতাই আনিবলৈও ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।

পৰিবহণ নিগমৰ বিষয়া-কৰ্মচাৰীক ভালদৰে কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Related Articles

Back to top button