নৱবৰ্ষৰ পহিলা দিনটোতে ৰাজ্যবাসীলৈ সুঃখবৰ কঢ়িয়াই আনিছে উপায়ুক্ত বৰ্ণালী ডেকাই…

নৱবৰ্ষৰ পহিলা দিনটোতে ৰাজ্যবাসীৰ বাবে এক সুখৰ বাৰ্তা কঢ়িয়াই আনিছে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই।

photo-2022-01-01-15-11-49

গোৱালপাৰা জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ভাৰতীয় প্ৰশাসনিক সেৱা চমুকৈ আই এ এছ বিষয়গৰাকীয়ে উদ্ভাৱন কৰা “গ’লমাৰ্ট” প্ৰকল্পৰ বাবে তেওঁক ভাৰত চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ দ্বাৰা প্ৰথম শ্ৰেণী শাখাৰ “Excellence in Government Process Re-engineering for Digital Transformation”ৰ স্বৰ্ণ পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে।

উল্লেখ্য যে, উপায়ুক্ত গৰাকীয়ে আৰম্ভ কৰা গ’লমাৰ্ট প্ৰকল্প হৈছে এক সম্পূৰ্ণ ইলেক্ট্ৰনিক বজাৰ যাৰ লক্ষ্য হৈছে স্থানীয় আত্ম সহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিপণনৰ বাবে এটা অনলাইন প্লেটফৰ্ম প্ৰদান কৰা।

বৰ্ণালী ডেকা বৰ্তমান কোকৰাঝাৰ জিলাৰ উপায়ুক্তৰূপে দায়িত্ব নিৰ্বাহ কৰি থকাৰ উপৰিও তেওঁ বড়োলেণ্ড প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সচিবৰ অতিৰিক্ত দায়িত্বত আছে।

আনহাতে, ডেকাই উদ্ভাৱন কৰা “গ’লমাৰ্ট” প্ৰকল্প উন্নয়নশীল দেশসমূহত প্ৰতিৰূপৰ যোগ্য হিচাপে বিবেচিত কৰি ইউএনডিপিয়ে তেওঁৰ উদ্যোগক প্ৰশংসা কৰিছে।

photo-2022-01-01-15-12-51

উল্লেখ্য যে, ভাৰত চৰকাৰ আৰু তেলেংগানা ৰাজ্য চৰকাৰৰ সহযোগত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে অহা ৭ আৰু ৮ জানুৱাৰীত তেলেংগানাৰ হায়দৰাবাদত ই-গভৰ্ণেন্সৰ ওপৰত ২৪ তম ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিব। এই অনুষ্ঠানতে উপায়ুক্ত বৰ্ণালী ডেকাক এই বঁটা প্ৰদান কৰা হ’ব।

তদুপৰি, তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত তেওঁৰ অৱদান আৰু সাফল্যৰ প্ৰতি লক্ষ্য ৰাখি ডেকাক একেখন ৰাষ্ট্ৰীয় সন্মিলনত ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া জিলা পৰ্যায়ত ডিজিটেল উৎকৰ্ষ অধিৱেশনৰ মুখ্য বক্তা হিচাপেও আমন্ত্ৰণ জনোৱা হৈছে।

লগতে চাওকঃ

ৰীল নহয়, ৰিয়েল লাইফত অটো চালকৰ ৰূপত বলিউডৰ ডাবাং খান, ভাইৰেল ভিডিঅ’

প্ৰতিশ্ৰুতি পূৰণ কৰি দেখুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, প্ৰথমবাৰৰ বাবে অসমবাসীয়ে উপহাৰ হিচাপে পালে দুৰ্ঘটনাবিহীন নৱবৰ্ষ

Leave a Comment