নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন উদ্যোগপতি দীপক বৰঠাকুৰৰ

নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হল বিশিষ্ট উদ্যোগপতি তথা শিক্ষাবিদ দীপক বৰঠাকুৰৰ নশ্বৰ দেহ।

টাটা ইনষ্টিটিউট অৱ ছচিয়েল চায়েন্সৰ উপাধ্যক্ষ দীপক বৰঠাকুৰৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

1 5
নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন উদ্যোগপতি দীপক বৰঠাকুৰৰ 2

উল্লেখ্য যে, দেশৰ প্ৰথিতযশা উদ্যোগপতি ৰতন টাটাক অসম চৰকাৰৰ হৈ মুম্বাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বৈভৱ বঁটা প্ৰদান কৰাৰ এদিন পিছতে অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত দিল্লীত শেষ নিশ্বাস ত্যাগ কৰিছিল টাটা গ্রুপৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে।

অসমৰ শিক্ষা আৰু বাণিজ্যিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট উদ্যোগপতি দীপক বৰঠাকুৰৰ শেষকৃত্য শনিবাৰে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় নৱগ্ৰহ শ্মশানত।

বৰঠাকুৰৰ শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া, ব্যৱসায়ী সংস্থাকে ধৰি শীৰ্ষ আমোলা বিষয়াসহ বৃহত সংখ্যক লোক উপস্থিত থাকে।

শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমৰ আৰ্থ-সামাজিক আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত দীপক কুমাৰ বৰঠাকুৰে যি অভূতপূৰ্ব অৱদান আগবঢ়াই গৈছে সেয়া আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব। আজি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে মহান সমাজ হিতৈষীগৰাকীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। তেখেতৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰোঁ।”

Leave a Comment