নৱগ্ৰহত শেষকৃত্য সম্পন্ন হ’ল হত্যাৰ বলি হোৱা বৰুৱা দম্পতীৰ, দুই কন্যাই কৰিলে মুখাগ্নি…

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হত্যাৰ বলি হোৱা বৰুৱা দম্পতীৰ।

একেলগে জ্বলি উঠিল ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ দুখনকৈ চিতা।

কন্যা মানসী আৰু সোণালীয়ে একেলগে কৰিলে পিতৃ-মাতৃক মুখাগ্নি।

তদন্ত প্ৰক্ৰিয়াৰ বাবে মুখ্যমন্ত্ৰী, আৰক্ষী আয়ুক্ত তথা সাংবাদিকক ধন্যবাদ জনালে ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ দুই কন্যাই।

ক’লে- এয়া মনৱীয়তাৰ স্খলন, পুনৰ এইধৰণৰ ঘটনা সংঘটিত নহওক।

উল্লেখ্য যে, বুধবাৰে মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ডৰ স্থান পৰিদৰ্শন কৰি গভীৰ ক্ষোভ প্ৰকাশ কৰে৷

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এয়া চৰম দুৰ্ভাগ্যজনক৷ দোষী ইতিমধ্যে চিনাক্ত হৈছে৷ ফৰেন্সিক আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অপেক্ষাত আৰক্ষী৷ এনেবোৰ ঘটনাৰ আঁৰত এজন-দুজন নহয়, কেইবাজনো লোক হয়তো জড়িত থাকিব পাৰে৷ আৰক্ষীয়ে সকলো কাম কৰিছে৷ ২৪ ঘণ্টা অপেক্ষা কৰক৷ ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষী আয়ুক্তই সমগ্ৰ বিষয় বিৱৰি ক’ব৷

মহানগৰীত অপৰাধ কৰি কোনো লোক সাৰি যাব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ইপিনে মূল মাষ্টাৰ মাইণ্ড হিচাপে চিহ্নিত কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ পত্নী পুতু দাসক। ঘটনাৰ নিশা CCTVৰ ফুটেজত ধৰা পৰিছে দুজনকৈ দুৰ্বৃত্তৰ উপস্থিতি। হাতত লাঠী লৈ থকা এই দুজন লোক কোন আছিল সেই সন্দৰ্ভত পিছে নিৰুত্তৰ মহানগৰ আৰক্ষী।

Leave a Comment