নিউজ ডেস্কঃ অৱশেষত অসমৰ চৰকাৰী বিদ্যালয়ত অন্তৰ্ভূক্ত হ’ল ইংৰাজী ভাষা!
ইংৰাজীতে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ আঁকোৰগোজ স্থিতিৰে শিক্ষা বিভাগে ইংৰাজী ভাষাতে ছপা কৰিলে ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম।
উল্লেখ্য যে, অসমৰ চৰকাৰী বিদ্যালয়ত ইংৰাজী ভাষাত শিক্ষাদান কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিবাদৰ ঢৌ।
বিৰোধী ৰাজনৈতিক দলৰ পৰা আঞ্চলিক দললৈকে সকলোৱে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল।
চৰকাৰৰ আঁকোৰগোজ স্থিতিক সমালোচনা কৰিছিল কেইবাগৰাকীও বুদ্ধিজীৱীয়েও।
কিন্তু এই সকলোবোৰ প্ৰতিবাদক আওকান কৰি অসম চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ ইংৰাজী ভাষাতে ছপা কৰি উলিয়ালে ষষ্ঠ শ্ৰেণীৰ দুটাকৈ বিষয়ৰ পাঠ্যক্ৰম।
অৱশ্যে যি সকলে অসমীয়াতে পঢ়িব বিচাৰে, সেই সকল শিক্ষাৰ্থীৰ বাবে অপশ্যনেল হিচাপে অসমীয়া ভাষাও ৰাখিছে শিক্ষা বিভাগে।
প্ৰণিধানযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি বিদ্যালয়ত মাতৃভাষাক প্ৰাধান্য দিব লাগে।
কিন্তু কেন্দ্ৰৰ বিজেপি চৰকাৰৰে এই শিক্ষা নীতিক ভেঙুচালি কৰি অসম চৰকাৰে ইংৰাজী ভাষাক চৰকাৰী বিদ্যালয়ত প্ৰাধান্য প্ৰদান কৰা কাৰ্যই নতুনকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।