অসমীয়াঅসম

নৰজিল অসমীয়াৰ প্ৰতিবাদ! APSCত অসমীয়া ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰক লৈ চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে…

নিউজ ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত নৰজিল অসমীয়াৰ প্ৰতিবাদ।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা বিষয়ক প্ৰশ্নকাকত সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোন সাৰ্থক কৰি অসম চৰকাৰৰ পক্ষত ৰায় প্ৰদান কৰিলে উচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ সিদ্ধান্ত বাহাল ৰাখি অসমীয়া ভাষা বিষয়ক পৰীক্ষা অবিহনেই এপিএছচিৰ ফলাফল ঘোষণা কৰাৰ অনুমতি প্ৰদান কৰে।

উল্লেখ্য যে, বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত এপিএছচিত অসমীয়া ভাষা বিষয়ক কাকত প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল সংগঠনে।

অন্যহাতে এপিএছচি ২০২০ৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনে অনুষ্ঠিত কৰাৰ ফলত ইয়াৰ ফলাফল ঘোষণা কৰিব পৰা যোৱা নাছিল।

অসমীয়া ভাষাক মষিমূৰ কৰি অতি ভাৰতীয় হোৱাৰ প্ৰৱণতা ব্যক্ত কৰা অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়তো দাখিল কৰা হৈছিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন।

কিন্তু উচ্চ ন্যায়ালয়ে চৰকাৰৰ সিদ্ধান্ত বাহাল ৰাখি এপিএছচি ২০২০ৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনে ফলাফল ঘোষণা কৰাৰ অনুমতি প্ৰদান কৰে।

Related Articles

Back to top button