ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত আজি অধ্যাপকৰ নীৰিক্ষণত কাৰাগাৰত পৰীক্ষাত বহিছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

আজিও কাৰাগাৰতে পৰীক্ষাত বহিল বৰ্ষাশ্ৰী।
অৱশ্যে ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত আজি নিৰীক্ষণত আছে মহাবিদ্যালয়ৰে অধ্যাপক।
গোলাঘাট সত্ৰ ন্যায়াধীশে সোমবাৰে ডিচিবি কলেজৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ পিছত আজি মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপকৰ নীৰিক্ষণত অনুষ্ঠিত হৈছে বৰ্ষাশ্ৰীৰ দ্বিতীয়খন কাকতৰ পৰীক্ষা।
উল্লেখ্য যে, প্ৰথমটো পৰীক্ষাতো গোলাঘাটৰ কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত বহিছিল বৰ্ষাশ্ৰী। কাৰাগাৰৰ এটা সুকীয়া কোঠাত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিছিল কাৰাগাৰ কৰ্তৃপক্ষই। সেইবাৰ পৰীক্ষকৰ দায়িত্বত আছিল অতিৰিক্ত উপায়ুক্ত।
জিলা উপায়ুক্তই নিয়োগ কৰা অতিৰিক্ত উপায়ুক্ত অম্লান ফুকনৰ সন্মুখত কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত বহিছিল বৰ্ষাশ্ৰী।
সোমবাৰে ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰি বিশ্ববিদ্যালয়ৰ নিয়মৰ অধীনত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিয়াৰ লগতে কিয় ডি চি বি কলেজৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।
২৫ জুলাইৰ ভিতৰত অধ্যক্ষই এই জাননীৰ উত্তৰ দিব লাগিব।
ন্যায়ালয়ে জিলা উপায়ুক্তই নিয়োগ কৰা নীৰিক্ষকক খাৰিজ কৰাৰ লগতে এগৰাকী নতুন নীৰিক্ষক তথা ডি চি বি কেলেজৰেই এগৰাকী প্ৰবক্তাক নীৰিক্ষকৰ দায়িত্ব দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল সোমবাৰৰ ৰায়দানত।
যাৰ পাছতে আজি অনুষ্ঠিত হোৱা পৰীক্ষাত মহাবিদ্যালয়ৰে এগৰাকী অধ্যাপক নিৰীক্ষণৰ বাবে নিযুক্ত কৰা হয়।
One Comment