ন্যায়ৰ বিনিময়ত আৰক্ষী বিষয়াক লাগে নাৰীৰ দেহ, SI অমিতাভ শেনচোৱাক ৰিজাৰ্ভ ক্ল’জ…

নাৰীৰ দেহ ন’হলে ন্যায় নাপাই ভুক্তভোগীয়ে।

পোহৰলৈ আহিছে জাগিৰোড থানাৰ আৰক্ষী উপ-পৰিদৰ্শকৰ কলুষিত অধ্যায়।

থানালৈ ন্যায় বিচাৰি যোৱা যুৱতীক অশ্লীল প্ৰস্তাৱ দিয়া আৰক্ষী উপ-পৰিদৰ্শক অমিতাভ শেনচোৱাক ৰিজাৰ্ভ ক্ল’জ।

মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নিৰ্দেশত ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে শেনচোৱাক।

লগতে উপ-পৰিদৰ্শক শেনচোৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ।

নাৰীৰ বিনিময়ত ন্যায় আদায়ৰ প্ৰতিশ্ৰুতি দি বিতৰ্কৰ আৱৰ্তত আহিছিল অমিতাভ শেনচুৱা।

ঘটনা পোহৰলৈ অহাৰ পিছতে ৰিজাৰ্ভ ক্লজ জাগীৰোড আৰক্ষী থানাৰ উপ-পৰিদৰ্শক অমিতাভ শেনচোৱাক।

এই সন্দৰ্ভত ফোনকল সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতহে পোহৰলৈ আহিছিল আৰক্ষী বিষয়া গৰাকীৰ কুকীৰ্তি

যাৰ বাবে মৰিগাঁওৰ আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্লজ কৰে আৰক্ষী বিষয়াজনক।

ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।