নৈশ বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ! গুৰুতৰভাৱে আহত এজন…

নিউজ ডেস্কঃ ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা এখন নৈশ বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় এজন লোক।

জানিব পৰা মতে, গুৱাহাটী অভিমুখী এআৰ ১৬এ ৪১০০ নম্বৰৰ এখন নৈশ বাছ আৰু এএছ ০৬ইউ ৫৩৫৬ নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষত ফলত পথৰ ওপৰতে বাগৰি পৰে চাৰিচকীয়া বাহনখন।

photo1659083272
নৈশ বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ! গুৰুতৰভাৱে আহত এজন… 2

দুৰ্ঘটনাটোৰ ফলত চাৰিচকীয়া বাহনখনৰ চালকজন গুৰুতৰভাৱে আহত হয়। আহত লোকজনক মৰানৰ খালীবাম শ’গুৰিৰ নৱজ্যোতি গগৈ বুলি জানিব পৰা গৈছে।

ইফালে আহত যুৱকজনক ততাতৈয়াকৈ মৰাণ তিলৈ হাবুল স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।