নৈশ বাছত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা ১৬ চকীয়া ট্ৰাকৰ, শিশুসহ ৪০ জনৰো অধিক আহত

শিৱসাগৰৰ দিচাং মাজগাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন ১৬ চকীয়া দ্ৰুতবেগী ট্ৰাক আৰু নৈশ বাছৰ সংঘৰ্ষৰ ফলত আহত হয় ৪০ জনৰো অধিক যাত্ৰীৰ। আৰক্ষী আৰু স্থানীয় লোকে আহত সকলক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত সকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

G2 11
নৈশ বাছত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা ১৬ চকীয়া ট্ৰাকৰ, শিশুসহ ৪০ জনৰো অধিক আহত 3

জানিব পৰা মতে দিচাং মাজগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ডিব্ৰুগড়ৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন এএছ ২৫চিচি ১৭৩৩ নম্বৰৰ নৈশ বাছখনত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে বিআৰ ০৬জিডি ৪৩৩৬ নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰাকে।

যাৰ ফলত নৈশ বাছখন পথৰ ওপৰতে বাগৰি পৰে আৰু বাছখনৰ ভিতৰত থকা শিশুসহ ৪০ জনৰো অধিক যাত্ৰী আহত হয়।

লগতে চাওকঃ

শােকাৱহ! পিতৃৰ বিয়োগৰ শোকত একমাত্ৰ পুত্ৰৰো প্ৰাণত্যাগ, থানবান হ’ল এটি পৰিয়াল

G7 15
নৈশ বাছত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা ১৬ চকীয়া ট্ৰাকৰ, শিশুসহ ৪০ জনৰো অধিক আহত 4

Leave a Comment