নৈশ পাৰ্টি কৰি ওভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৫ অভিযান্ত্ৰিক শিক্ষাৰ ছাত্ৰ

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। পথৰ কাষত ৰখাই থোৱা লোহা কঢ়িওৱা ট্ৰাকত খুন্দা মৰাৰ বাবে সৰু বাহনত যোৱা পাঁচজন যুৱকৰ মৃত্যু হয়।

এই ঘটনা দেওবাৰে পুৱতি নিশা ১:৩০ মান বজাত সংঘটিত হয় চেন্নাইৰ পেৰুঙ্গালাথুৰত।

মৃত যুৱককেইজন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক ছাত্ৰ আছিল বুলি জানিব পৰা যায়। তেওঁলোক ভাণ্ডোলুৰোলৈ গৈ আছিল।

E-g-CMtb-XEAAUTFV

জানিব পৰা মতে, যুৱক কেইজনে উইকেণ্ডৰ বাবে এটা পাৰ্টিত অংশ লবলৈ গৈছিল।

পাৰ্টিৰ পৰা ঘূৰি আহোতে তেওঁলোকৰ এই দুৰ্ঘটনাটো সংঘটিত হয়। য’ত তেওঁলোকে পথৰ কাষত ৰখাই থোৱা লোহা কঢ়িওৱা এখন ট্ৰাকত খুন্দা মাৰে। একো মনিব নোৱাৰাৰ বাবে ট্ৰাকখনৰ পিছফালৰ পৰা খুন্দা মাৰে গাড়ীখনে।

ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী।

তেওঁলোকে বাহনখন ট্ৰাকৰ তলৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিছিল। কিন্তু গাড়ীখনত থকা সকলৰ কোনো জীৱন্ত অৱস্থাত নাছিল।

তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ক্ৰোমপেট চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

মৃত পাঁচজনৰ নাম ৰাহুল (২০), অৰবিন্দ (২১), নবীন (২১), ৰাজ গণেশ (২১) আৰু অজয় (২১) বুলি জানিব পৰা যায়। ইয়াৰে নবীনে গাড়ী চলাইছিল। পাঁচজনেই চেন্নাইৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নতুন স্নাতক আছিল।

উল্লেখ্য যে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আইন অনুসৰি পিছ ৰাতি ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক ৰখাটো আইনগতভাৱে অপৰাধ।

অনুসন্ধানৰ সৈতে জড়িত বিষয়াই কয় যে ট্ৰাকখন সেই ঠাইত নৰখোৱাহেঁতেনেই দুৰ্ঘটনাটো সংঘটিত নহলহেঁতেন।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে আৰু তদন্ত আৰম্ভ কৰে।

Leave a Comment