নৈশ পাৰ্টিত যুৱতীৰ ৰহস্যজনক মৃত্যু, দুই ড্ৰাগছ আসক্ত বন্ধুক আটক

নৈশ পাৰ্টিত যুৱতীৰ ৰহস্যজনক মৃত্যু, দুই ড্ৰাগছ আসক্ত বন্ধুক আটক

July 10, 2020 0 By NEWS DESK

নিউজ ডেস্ক। তলাবন্ধৰ মাজতাে ড্ৰাগছ আসক্তৰ কবলত পৰি প্ৰাণ গ’ল এজন যুৱতীৰ।

ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত নৈশ পাৰ্টিৰ সময়তে ৰহস্যজনকভাৱে মৃত্যু ঘটে এই ২৩ বছৰীয়া যুৱতীগৰাকীৰ।

মৃত যুুুুৱতীগৰাকী চিলাপথাৰ-অকাজান গাঁৱৰ বুলি জানিব পৰা গৈছে।

আশংকা কৰা মতে, নৈশ পাৰ্টি চলি থকাৰ মাজতে যুৱতী গৰাকীৰ মৃত্যু হয়।

মৃত অৱস্থাত যুৱতী গৰাকীক এৰি নৈশ পাৰ্টি এৰি অন্য বন্ধুৱে পলায়ন কৰে।

ইপিনে, যুৱতী গৰাকীক হত্যা কৰাৰ অভিযোগত পৰিয়ালৰ লোকে চিলাপথাৰ থানাত গোচৰ ৰুজু কৰিছে।

ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ঘটনটোৰ লগত জড়িত নােমল পেগু আৰু লাচিত পেগু নামৰ দুজন যুৱকক আৰক্ষীয়ে আটক কৰিছে।