নৈশ চকীদাৰৰ পৰা IIM ৰ অধ্যাপকলৈ… এজন ব্যক্তিৰ জীৱন সংঘৰ্ষৰ প্ৰেৰণাদায়ক কাহিনী

April 15, 2021 0 By NEWS DESK

নিউজ ডেস্ক। চেষ্টাৰ অসাধ্য একাে নাই! এই আপ্তবাক্য শাৰীকেই যেন পুনৰ প্ৰমাণ কৰি দেখুৱালে এটা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালত জন্মলাভ কৰা এজন ব্যক্তিয়ে।

সম্প্ৰতি ঝাৰখণ্ডৰ ৰাঁচী স্থিত ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেন্ট (IIM, Ranchi)ত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত এই লােকজনৰ নাম হৈছে ৰঞ্জিত আৰ পানাথুৰ। ব্যক্তিজনৰ ঘৰ কেৰালাৰ কন্নুৰ জিলাৰ কান্হাগড়ত।

২৮ বছৰীয়া লােকজনৰ জীৱনৰ সংঘৰ্ষৰ এই যাত্ৰা এতিয়া বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস স্বৰূপ হৈ পৰিছে।

জীৱনৰ আগভাগত প্ৰচুৰ অভাৱ-অনাটনৰ সন্মুখীন হোৱা ৰঞ্জিত আৰ পানাথুৰে যোৱা ৯ এপ্ৰিলত তেওঁৰ এই ঈৰ্ষণীয় সফলতাৰ যাত্ৰাৰ বিষয়ে ফে’চবুকত সবিস্তাৰে বৰ্ণনা কৰিছিল।

ফেচবুক প’ষ্টৰ আৰম্ভণিতে তেওঁ উল্লেখ কৰিছেঃ মোৰ জন্ম এইখন ঘৰতে হৈছিল, মই ইয়াতে ডাঙৰ-দীঘল হৈছােঁ, মই এতিয়া ইয়াত বাস কৰো… মই আনন্দেৰে কওঁ যে এই ঘৰত এজন আইআইএম (ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট)ৰ সহকাৰী অধ্যাপকৰ জন্ম হৈছে… মই এই ঘৰৰ পৰা আইআইএম ৰাঁচীলৈ মোৰ কাহিনী ক’ব বিচাৰিছাে… যদি এই কাহিনীটোৰ বাবে কাৰোবাৰ সপোনৰ সাৰ্থক হয়, তেন্তে সেয়া মোৰ বাবে সফলতা হৈ ৰ’ব…।

ফেচবুকত পানাথুৰে তেওঁৰ বৰ্ণনাৰ সৈতে প্লাষ্টিকৰ তিৰ্পাল দিয়া বিধ্বস্ত ঘৰৰ ছবিও আপলোড কৰিছে। অধ্যাপক হোৱাৰ পূৰ্বে তেওঁ কাছাৰগড়ৰ পানাথুৰৰ বি এছ এন এল টেলিফোন এক্সচেঞ্জ এটাত নৈশ চকীদাৰ হিচাপে কাম কৰিছিল।

সেই সময়ত তেওঁ পিয়াচ দশম কলেজত অৰ্থনীতি মূল বিষয় হিচাপে লৈ স্নাতক শাখাত পঢ়ি আছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ মাদ্ৰাজ আই আই টিলৈ উচ্চ শিক্ষাৰ বাবে যায়।

পৰৱৰ্তী সময়ত একেখন শিক্ষানুষ্ঠানতে গৱেষণাও কৰে। তেওঁ গৱেষণাৰ কাম আধাতে এৰিব খুজিছিল যদিও গাইডৰ উৎসাহত সেয়া সম্পূৰ্ণ কৰে।

যোৱা বছৰ তেওঁ ডক্টৰেট ডিগ্ৰীও লাভ কৰে। তেওঁৰ পিতৃ এজন দৰ্জী আৰু মাতৃয়ে এম এনৰেগাত শ্ৰমিক হিচাপে কাম কৰে। তেওঁ নিজৰ ঘৰখনক স্বৰ্গৰ সৈতে তুলনা কৰিছে।

এই ফেচবুক প’ষ্টটােৰ অৱশেষত তেওঁ লিখিছেঃ মই এনে বহুতো লােকৰ জীৱনৰ সপোনৰ বিষয়ে জানাে, যিবােৰ সপােন এনে জুপুৰি এৰি যোৱাৰ আগতে মৰহি গৈছে। এতিয়া সেইবোৰ সপোনক বাস্তবায়িত কৰিব লাগিব।

কেৰেলাৰ বিত্ত মন্ত্ৰী টি এম থমাছে ৰামচন্দ্ৰনক প্ৰসংসা কৰি তেওঁৰ ফে’চবুক প’ষ্টটো শ্বেয়াৰ কৰিছে।

লগতে চাওকঃ

ক’ভিড-১৯ত আক্ৰান্ত হ’ল ‘দুখীয়াৰ ভগৱান’!

মৃত্যুৰ পূৰ্বে ক’ৰােনা ৰােগীৰ ভয়াৱহ অভিজ্ঞতাৰ কথা ব্যক্ত সমাজকৰ্মীৰ, ভিডিঅ’ ভাইৰেল