fbpx
অসম

নৈশবাছৰ যাত্ৰীৰ ৰূপত গৰু! নৈশবাছৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ২৫ টাকৈ চােৰাং গৰু…

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ।

নিতৌ ন ন কৌশল অৱলম্বন কৰি চোৰাং গৰু সৰবৰাহ কৰি আহিছে গৰু মাফিয়াই।

এইবাৰ এখন যাত্ৰীবাহী নৈশ বাছৰ পৰা উদ্ধাৰ হৈছে ২৫টাকৈ চোৰাং গৰু।

নগাঁৱৰ কলিয়াবৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় চোৰাং গৰুসহ দুজন লোকক।

আটকাধীন লোক দুজন হবিবুৰ ৰহমান আৰু ৰিবুল হুছেইন বুলি জানিব পৰা গৈছে।

এক গোপন সূত্ৰৰ পম খেদি জখলাবন্ধা আৰক্ষী চকীৰ আৰক্ষী বিষয়া আহিদুল ইছলামৰ নেতৃত্বত নিশা নাকাচাকি লগাই এখন নৈশ বাছৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ২৫টাকৈ চোৰাং গৰু।

জব্দ কৰা নৈশ বাছখনৰ নম্বৰ AS01 EC3337।

চোৰাং গৰুকেইটা অৰুণাচলৰ পৰা নগাঁৱৰ ৰূপহীলৈ লৈ গৈ আছিল বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!