fbpx
অসম

নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা! বৃহস্পতিবাৰে এইখন জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা…

সোমাবাৰৰ নিশাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰ কবলত পৰিছে ৰাজ্যত ভিন্ন অঞ্চল।

ইয়াৰ মাজতে ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে বৃহস্পতিবাৰে নলবাৰী জিলাতো নেৰানেপেৰা বৰষুণ হ’ব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

যাৰ পৰিপেক্ষিতত জিলাখনৰ সকলো বিদ্যালয়/ মহাবিদ্যালয় (চৰকাৰী আৰু ব্যক্তিগত) কাইলৈ বন্ধ ৰখাৰ পৰামৰ্শ দিছে নলবাৰী জিলাৰ উপায়ুক্তই।

অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব পাৰিব বুলি জিলা প্ৰশাসনে সদৰি কৰিছে।

উল্লেখ্য যে, ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো বিভিন্ন ঠাইত মথাউৰি ভঙাৰ ফলত বানপানীৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ১৭ জুনলৈ অসম তথা মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!