নেছ’ৰ উদ্যোগত পুনৰ CAA আন্দোলন, প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ…

পুনৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ উকমুকনি।
নেছ’ৰ উদ্যোগত গুৱাহাটীত পুনৰ CAA আন্দোলন।
২০১৯ চনৰ পাছত উত্তৰ-পূব ছাত্ৰ সন্থা(নেছ’)ৰ আহ্বানত ওলাই আহিছে একাংশ জনতা।
কিন্তু ৰাজপথলৈ প্ৰতিবাদকাৰীসকল ওলোৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে।
যাৰ ফলত উজান বজাৰৰ শ্বহীদ ন্যাসৰ সমুখতে প্ৰতিবাদ সাব্যস্ত কৰে আছু নেতৃত্বই।
হাতে হাতে প্লে কাৰ্ড, বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে পৰিৱেশ।

আছুৰ লতাশিলস্থিত ছহিদ ন্যাস পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰে সমুজ্বল কুমাৰ ভট্টাচাৰ্যই।
সমুজ্জল ভট্টাচাৰ্যই কয়- কা আন্দোলনলৈ ভয় কৰা প্ৰথমজন মানুহ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। গণতান্ত্ৰিক আন্দোলনক সন্মান কৰি বেৰিকেট ভঙা নাই, কা বাতিল হ’বই লাগিব৷
তেওঁ কয়-আমি চৰকাৰক ভয় কৰা নাই আৰু নকৰো। অসমৰ অলিয়ে গলিয়ে যতেই মন যায় তাতেই কাৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব। আমি গনতান্ত্ৰীক আন্দোলনক সন্মান কৰো আৰু আমাক চৰকাৰে প্ৰৰোচনা কৰিবলৈ চেষ্টা নকৰিব।
আন্দোলন আৰম্ভ হৈছে আৰু চলি থাকিব আমাৰ দাবী মানি নোলোৱা লৈকে’- সমুজ্জল ভট্টাচাৰ্য।