নৃশংস! নিজৰেই দুই শিশু সন্তানক হত্যা কৰি অৰণ্যত পেলাই থ’লে পাশৱিক পিতৃয়ে…

কোৱা হয় পুত্ৰশোকতকৈ আৰু ডাঙৰ শোক এই পৃথিৱীত একো নাই। কিন্তু এই কথাষাৰ যেন ভুল প্ৰমাণিত কৰিছে চুবুৰীয়া মেঘালয়ত সংঘটিত এটি নৃশংস ঘটনাই।

নিজৰেই দুই সন্তানক এজন পাষান পিতৃয়ে হত্যা কৰা ঘটনাই সকলোকে হতবাক কৰি তুলিছে।

বুধবাৰে নিজ পিতৃৰ দ্বাৰা হত্যাৰ বলি হোৱা শিশু দুটাৰ মৃতদেহ ঘৰলৈ অনাৰ পিছতে পৰিয়াল তথা ওচৰ চুবুৰীয়া তীব্ৰ শোক আৰু হতাশাত ভাগি পৰা দেখা গৈছে। বৃহস্পতিবাৰে সম্পন্ন হব শিশু দুটিৰ অন্ত্যেষ্টিক্ৰিয়া।

এই ভয়ংকৰ হত্যাকাণ্ডটোৱে চুবুৰীয়াক স্তম্ভিত কৰি তুলিছে আৰু হত‍্যাকাৰী পিতৃৰ সম্পৰ্কে অধিক সত্য মুকলিকৈ বাহিৰলৈ ওলাই আহিছে। হত্যাৰ অভিযোগ উঠা জোফাৰ্ছন জানাই তেওঁৰ দুই সন্তানক ওচৰৰ জংঘলত সোমবাৰে লৈ গৈ হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

তেওঁ দুয়োটা মৃতদেহ অৰণ্যত পেলাই দিছিল আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ আগলৈকে পলাতক অৱস্থাত আছিল।

তেওঁলোক বাস কৰা গাওঁ খনৰ মুৰব্বীজনে সংবাদ মাধ‍্যমক জনোৱা মতে, দেউতাকজন নম্ৰ প্ৰকৃতিৰ আছিল, কিন্তু বহু দিন ধৰি অভিযুক্তজনে সুৰাৰ আসক্তি আৰু ঘৰুৱা কন্দলৰ সৈতে যুঁজি আছিল।

ঘটনাটোৰ সময়ত অভিযুক্ত জানা তেওঁৰ পত্নীৰ পৰা পৃথকে আছিল। শেহতীয়াকৈ, তেওঁ তেওঁৰ পত্নীক ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল যদিও পত্নীয়ে তেওঁৰ অভ্যাস সলনি কৰিলেহে পুনৰ ঘূৰি অহাৰ কথা দিছিল।

শেহতীয়াকৈ এজন স্থানীয় চিকিৎসকৰ পৰামৰ্শ অনুসৰি মদ্যপান ত‍্যাগ কৰিবলৈ নিৰ্ধাৰিত ঔষধ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে, পৰিয়ালৰ সদস্যসকলে কোৱা মতে তাৰ পিছতো তেওঁ সুৰাপান বন্ধ কৰা নাছিল।

ইফালে, কিছুমান স্থানীয় বাসিন্দাই এই ঘটনাত এলেকাটোত চলি থকা অবৈধ সুৰা আৰু ড্ৰাগছৰ ব‍্যৱসায়ৰো ভূমিকা থকা বুলি উল্লেখ কৰিছে।

গাওঁখনৰ কৰ্তৃপক্ষই অঞ্চলটোত চলি থকা ড্ৰাগছ আৰু অবৈধ সুৰাৰ ব্যৱসায়ৰ বিষয়ে একো ব‍্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে।

Leave a Comment