নৃশংস! চুৰি কৰাৰ অপৰাধত কামৰ পৰা উলিয়াই দিয়াৰ বাবে চুৰীকাঘাত কৰি হত্যা মালিকৰ পত্নীক…

নিউজ ডেস্কঃ চুৰি কৰাৰ অপৰাধত কামৰ পৰা উলায়াই দিয়াৰ বাবেই মালিকৰ পত্নীক নৃশংসভাৱে হত্যা কৰিলে এজন কৰ্মচাৰীয়ে। এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে নগাঁৱৰ হৰিজন কলনীত।

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী সুব্ৰত মজুমদাৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱত।

nogaon 1
নৃশংস! চুৰি কৰাৰ অপৰাধত কামৰ পৰা উলিয়াই দিয়াৰ বাবে চুৰীকাঘাত কৰি হত্যা মালিকৰ পত্নীক… 5

জানিব পৰা মতে, নগাঁৱৰ হৰিজন কলনীৰ ৰাজু দত্ত নামৰ এজন লোকৰ ‘ৰাজ মেডিকেল’ নামৰ ফাৰ্মাচীখনত কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল লংকাৰ নিৱাসী সুব্ৰত মজুমদাৰ নামৰ লোকজন। কিন্তু শেহতীয়াকৈ ফাৰ্মাচীৰ টকা চুৰি কৰাৰ অপৰাধত সুব্ৰতক কামৰ পৰা উলিয়াই দিয়ে ৰাজু দত্তই।

ইয়াৰ পিছতে ৰাজু দত্ত আৰু তেওঁৰ ভাতৃক হত্যা কৰি প্ৰতিশোধ ল’বলৈ ঘৰলৈ যোৱা সুব্ৰত মজুমদাৰে চুৰিৰে ডিঙিত আঘাত কৰি নৃশংসভাৱে হত্যা কৰে ৰাজু দত্তৰ পত্নী ৰূমী দত্তক।

nogaon 2
নৃশংস! চুৰি কৰাৰ অপৰাধত কামৰ পৰা উলিয়াই দিয়াৰ বাবে চুৰীকাঘাত কৰি হত্যা মালিকৰ পত্নীক… 6

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে সন্ধিয়া সুব্ৰত মজুমদাৰে মটৰ চাইকেল লৈ হৰিজন কলনীস্থিত ৰাজু দত্তৰ বাসগৃহত উপস্থিত হয়। ৰূমী দত্তই দুৱাৰ খুলি দিয়াত সুব্ৰতে প্ৰথমে ৰাজু দত্ত আৰু তেওঁৰ ভাতৃক বিচাৰে। কিন্তু ঘৰত সেই সময়ত আন কোনো উপস্থিত নথকাত ৰূমী দত্তই সুব্ৰতক ঘৰৰ পৰা ওলাই যাবলৈ কয়।

যাৰ বাবে ৰাজু দত্তৰ পত্নীৰ সৈতে তৰ্কত লিপ্ত হয় সুব্ৰত। তাৰ পিছতে লগত অনা চুৰিৰে মহিলাগৰাকীৰ ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰে পাষণ্ডজনে।

ইফালে মহিলাগৰাকীক হত্যাৰ পিছত তেওঁৰ মোবাইলটো আৰু ঘৰৰ আন দুটা মোবাইল লৈ সেই স্থানৰ পৰা উধাও হয় সুব্ৰত মজুমদাৰ।

nogaon 3
নৃশংস! চুৰি কৰাৰ অপৰাধত কামৰ পৰা উলিয়াই দিয়াৰ বাবে চুৰীকাঘাত কৰি হত্যা মালিকৰ পত্নীক… 7

কিন্তু এই হত্যাকাণ্ডৰ ত্বৰিৎ অনুসন্ধান চলাই আৰক্ষীয়ে ৰাজু দত্তৰ সৈতে সুব্ৰত মজুমদাৰৰ কাজিয়াৰ বিষয়ে জানিব পাৰি সন্দেহবশতঃ সুব্ৰতক গ্ৰেপ্তাৰ কৰে। তাৰ পিছতে আৰক্ষীয়ে ৰূমী দত্তৰ মোবাইল নম্বৰ ট্ৰেছ কৰি শেষ লোকেশ্যন সুব্ৰত মজুমদাৰৰ ফৌজদাৰিপট্টিস্থিত ভাড়াঘৰৰ সমীপত ধৰা পৰাই।

ইয়াৰ পিছতে আৰক্ষীয়ে অতি সতৰ্কতাৰে অভিযান চলাই সুব্ৰতৰ ভাড়াঘৰৰ ড্ৰয়াৰৰ পৰা উদ্ধাৰ কৰে তেজ লগা মোবাইল তিনিটা।

ইতিমধ্যে এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে হত্যাকাৰী সুব্ৰতে। তেওঁ স্বীকাৰ কৰা মতে, তেওঁৰ হত্যাৰ লক্ষ্য আছিল ৰাজু দত্ত আৰু তেওঁৰ ভাতৃ। কিন্তু সেই সময়ত ঘৰত তেওঁলোকৰ কোনো জনেই নথকাত সুব্ৰতে হত্যাৰ পৰিকল্পনাৰে ঘৰত অপেক্ষা কৰিব বিচাৰিছিল।

nogaon 4
নৃশংস! চুৰি কৰাৰ অপৰাধত কামৰ পৰা উলিয়াই দিয়াৰ বাবে চুৰীকাঘাত কৰি হত্যা মালিকৰ পত্নীক… 8

কিন্তু ৰাজু দত্তৰ পত্নীয়ে সুব্ৰতক ঘৰৰ পৰা ওলাই যাবলৈ কোৱাত দুয়োৰে মাজত তৰ্কাতৰ্কি লাগে আৰু তাৰ পিছতে চুৰীকাঘাত কৰি হত্যা কৰে মহিলাগৰাকীক।

জানিব পৰা মতে, সুব্ৰত মজুমদাৰে বিগত চাৰে তিনি বছৰ ধৰি ৰাজু দত্তৰ ফাৰ্মাচীত কৰ্মচাৰী হিচাপে কাম কৰি আছিল। কিন্তু শেহতীয়াকৈ ধন চুৰি কৰি ধৰা পৰাৰ পিছতে তেওঁক কামৰ পৰা উলিয়াই দিছিল ৰাজু দত্তই।