Mon. Nov 23rd, 2020

নিউজ ডেস্ক। এক জঘন্য ঘটনা।

অকলশৰীয়া বৃদ্ধ দম্পতীক ডিঙি কাটি নৃশংস হত্যা।

শােণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পটীয়া চুবুৰীত সংঘটিত হৈছে এই ঘটনা।

দুৰ্বৃত্তই ঘৰৰ ভিতৰতে স্বামী স্ত্ৰীক হত্যা কৰি চলালে লুটপাত।

মৃত স্বামী-স্ত্ৰীৰৰ হৈছে আমেৰিকাৰ ব্ৰাইন অৰিছ (৭২) আৰু ডেৰাডুনৰ আছা অৰিছ (৬৫)।

উল্লেখ্য যে বিবাহৰ পিছত তেজপুৰলৈ আহি স্থায়ীভাৱে বসবাস কৰিছিল এই দম্পতীহালে।

বিগত প্ৰায় ৪০ বছৰে পটীয়া চুবুৰীৰ অসমীয়া সমাজখনৰ সৈতে একাত্ম হৈ পৰিছিল এই পৰিয়ালটাে ৷

ভাৰতীয় সেনা বাহিনীৰ যান বাহন কাৰখানা GREF ৰ কৰ্মচাৰী আছিল ব্ৰাইন।

দুই কন্যা নতুন দিল্লীত থকা ব্ৰাইন আৰু পত্নী অকলশৰে আছিল তেজপুৰত।

নিতৌ গধূলি ওচৰ চুবৰীয়াৰ সৈতে বাৰ্তালাপ কৰা ব্ৰাইন আৰু পত্নীক চুবুৰীয়াই প্ৰত্যক্ষ নকৰাত সন্দেহ ওপজে।

তাৰ পাছতে শনিবাৰে নিশা ৮ মান বজাত লোকসকলে সন্মুখৰ গেট পাৰ হৈ প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা।

দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰি পিছ দুৱাৰেদি পলায়ন কৰে বুলি সন্দেহ কৰা হৈছে।

তেজপুৰ চহৰত এই ঘটনাই চাঞ্চল্যৰ সৃস্টি কৰিছে।