
নিউজ ডেস্কঃ অসমৰ সাধাৰণ জনতা আৰু নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছে আলফা স্বাধীনে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ পৰা এই তথ্য লাভ কৰাৰ পিছতে উদ্বিগ্ন হৈ পৰিছে গৃহ মন্ত্ৰণালয়। অসমত পুনৰ এবাৰ আলফা স্বাধীনৰ সামৰিক আৰু সাংগঠনিক সক্ৰিয়তাৰ প্ৰতি চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।
ইফালে অসমৰ লগতে দিল্লীৰ পৰাও বহু যুৱক-যুৱতীক আলফা স্বাধীনত যোগদান কৰোৱাৰ বাবে নিষিদ্ধ সংগঠনটোৱে প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়ে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে এনআইএক তদন্তৰ নিৰ্দেশ দিছে।

চোৰাংচোৱা সংস্থাৰ পৰা গৃহ মন্ত্ৰণালয়ে লাভ কৰা তথ্য অনুসৰি, যুদ্ধ বিৰতিৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে গ্ৰহণ কৰা শিথিলতাৰ সুযোগ লৈ পুনৰ এবাৰ কূটাঘাত সংঘটিত কৰাৰ প্ৰস্তুতি চলাইছে আলফা স্বাধীনে। ইয়াৰোপৰি বহু কেইজন লোকক অপহৰণ কৰাৰো পৰিকল্পনা কৰিছে সশস্ত্ৰ সংগঠনটোৱে।
চোৰাংচোৱাৰ পৰা এনে ধৰণৰ ভয়ংকৰ আৰু উদ্বেগজনক তথ্য লাভ কৰাৰ পিছতে এনআইএক তদন্তৰ নিৰ্দেশ দিছে গৃহ মন্ত্ৰণালয়ে।
উল্লেখ্য যে, বিগত কিছু সময়ত অসমৰ বহু যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ খবৰ প্ৰকাশ পাই আহিছে। আনহাতে অসমৰ লগতে আলফা স্বাধীনে দিল্লীতো সদস্যভৰ্তি অভিযান চলোৱা বুলি খবৰ প্ৰকাশ পাইছে।