
নিউজ ডেস্কঃ পথৰ দাঁতিত ৰখাই থোৱা গাড়ীত আঁউজি থকাৰ বাবেই এটি ৬ বছৰীয়া শিশুক এজন নিৰ্দয় যুৱকে শোধালে প্ৰচণ্ড গোৰ!
চিচিটিভি কেমেৰাত বন্দী গাড়ীৰ মালিক যুৱকজনৰ এই অমানৱীয় কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছিহছাদ নামৰ অভিযুক্ত যুৱকজনক। লগতে তেওঁৰ গাড়ীখনো জব্দ কৰা হৈছে।
এই নিৰ্মম ঘটনা সংঘটিত হৈছে কেৰালাৰ কন্নুৰৰ থালাছেৰীত।
জানিব পৰা মতে, পন্যাম্পলামৰ নিৱাসী ছিহছাদে থালাছেৰীত পথৰ দাঁতিত তেওঁৰ চাৰিচকীয়া বাহনখন ৰখাই থৈছিল।
সেই সময়ত ৰাজস্থানৰ বাসিন্দা গণেশ নামৰ ৬ বছৰীয়া শিশুটিয়ে গাড়ীখনত হেলান দি থিয় হয়।
ছিহছাদে শিশুটিক তেনেদৰে থকা দেখি শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।
ইফালে ছিহছাদৰ সৈতে সেই সময়ত থকা মহিলাগৰাকীয়েও নিৰ্বিকাৰ হৈ গাড়ীত বহা দেখা যায়।
অন্যহাতে শিশুটিক এনেদৰে আক্ৰমণত কৰা দেখি একাংশ লোক যুৱকজনৰ কাষ চাপি জবাবদিহী কৰাৰ চেষ্টা চলায় যদিও যুৱকজনে নিজৰ ভুল স্বীকাৰ কৰাৰ পৰিৱৰ্তে সদম্ভে সেই স্থানৰ পৰা আঁতৰি যায়।
জানিব পৰা মতে, কাম বিচাৰি ৰাজস্থানৰ পৰা কেৰালালৈ আহিছিল ৬ বছৰীয়া শিশুটি। কিন্তু গাড়ীত আউজি থকাৰ বাবেই এনদৰে এজন পাশৱিক মনৰ লোকৰ আক্ৰমণৰ বলি হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
God’s Own County has become the Devil’s Own Land under the @pinarayivijayan regime. A six-year-old Rajasthani boy was kicked and manhandled for leaning on a car. This inhuman incident happend in Thalassery, Kannur.@PrakashJavdekar @AgrawalRMD @BJP4India pic.twitter.com/R0m9nd1sFQ
— K Surendran (@surendranbjp) November 4, 2022
শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ কে ভি মনোজ কুমাৰে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিশুটিৰ ওপৰত চলা আক্ৰমণৰ ঘটনাত আয়োগে হস্তক্ষেপ কৰিব বুলি অৱগত কৰে।
তেওঁ লগতে এয়াও কয় যে প্ৰয়োজন হ’লে আয়োগে শিশুটিক চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰিব।