Mon. Nov 23rd, 2020

নিউজ ডেস্ক। সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশন স্থলীত পুৱতি নিশালৈ চলিল বিষয়ববীয়া বাছনি সভা।

উক্ত সভা হােৱা আলােচনা মৰ্মে আছুৰ সভাপতি পদত পুনৰবাৰ নিৰ্বাচিত কৰা হ’ল দীপাংক কুমাৰ নাথক।

অৱশ্যে সলনি হ’ল সম্পাদক। নতুন সমিতিখনত সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছে শংকৰজ্যোতি বৰুৱাক।

ইয়াৰ পাছতেই নৱনিৰ্বাচিত সভাপতি-সম্পাদকদ্বয়ে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি সেৱা লয়।

নৱনিৰ্বাচিত সভাপতি সম্পাদকক লগত লৈ দুলীয়াজান ক্লাবৰ পৰা শ্বহীদ বেদী প্ৰাংগণস্থলীলৈ সমদল উলিয়াই আছুৰ কৰ্মীয়ে।

আনহাতে, দুলীয়াজান অধিৱেশনতে আছু ত্যাগ কৰে পূৰ্বৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

জাতিৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে গগৈয়ে।