নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল মণিপুৰ, শিশুসহ দুজনৰ মৃত্যু…

নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল মণিপুৰ।

শনিবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ গেংপিমুৱাল গাঁৱত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা।

বিস্ফোৰণৰ ফলত এটি ছয় বছৰীয়া শিশুসহ দুজন লোক নিহত হয় বুলি জানিব পৰা গৈছে।

আনহাতে বিস্ফোৰণটোত পাঁচজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মণিপুৰৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন থকাৰ মাজতে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি, গাঁওখনৰ কিছু লোকে ওচৰৰ বি এছ এফ ৰেঞ্জৰ পৰা নুফুটা মৰ্টাৰ সংগ্ৰহ কৰি ঘৰলৈ লৈ গৈছিল। আৰু সেই মৰ্টাৰ বিস্ফোৰণ হৈছিল।

বিস্ফোৰণস্থলৰ পৰা মুঠ সাতজন আহত লোকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়।

আহতসকলৰ ভিতৰত, ছয় বছৰীয়া শিশুসহ দুজনৰ মৃত্যু হয়, আনহাতে এজন ব্যক্তিৰ অৱস্থা সংকটজনক হৈ আছে।

মৃত দুজনক ৬ বছৰীয়া মংগমিনলাল আৰু ২২ বছৰীয়া লেংগিনচাং বুলি চিনাক্ত কৰা হৈছে।

Leave a Comment