নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত TMCৰ ৫গৰাকী মহিলা সমৰ্থক

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱা সমৰ্থকৰ গাড়ী।

ফলত থিতাতে নিহত TMCৰ ৫গৰাকী মহিলা সমৰ্থক।

জানিব পৰা মতে আজি পুৱা প্ৰায় ১১ বজাত মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ জিলাৰ খাৰকুট্টাৰ ওচৰৰ বোলমেদাঙত বাহনখন দুৰ্ঘটনাগ্ৰস্থ হয়।

দুৰ্ঘটনাগ্ৰস্ত বাহনখন আডোকগ্ৰীত থকা তৃণমূল কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাৰ বাবে মানুহ কঢ়িয়াই লৈ গৈছিল।

সেই দুৰ্ঘটনাটোৰ ফলত পাঁচ গৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন কেইবাগৰাকীও গুৰুতৰভাৱে আহত হৈছে।

নিহতসকলৰ চাৰিজন হৈছে চাবিনা মাৰাক, কুকিলা মোমিন আৰু তেছা চাংমা।