নিৰ্বাচনী প্ৰচাৰৰ পাছতে দ্বিতীয়বাৰৰ বাবে ক’ভিড-১৯ত আক্ৰান্ত হ’ল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী!

April 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশজুৰি ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌ অব্যাহত থকাৰ মাজতে দ্বিতীয়বাৰৰ বাবে এই ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা।

টুইটাৰত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়ঃ ”মৃদু জ্বৰ অনুভৱ কৰাৰ পাছত মই ক’ভিড-১৯ৰ পৰীক্ষা কৰােঁ, য’ত ৰিপ’ৰ্ট পজিটিভ ওলায়। মই সুস্থ অনুভৱ কৰিলেও চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসালয়ত ভৰ্তি হওঁ। মােৰ সম্পৰ্কত অহা প্ৰতিজন ব্যক্তিকে মই নিজৰ স্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আৰু চেল্ফ কুৱাৰেন্টাইন হ’বলৈ অনুৰােধ জনালােঁ।”

উল্লেখ্য যে ৭৮ বছৰীয়া মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পূৰ্বে ২ আগষ্ট, ২০২০ তাৰিখে ক’ভিড পজিটিভ বুলি পৰীক্ষাত ধৰা পৰিছিল। সেই সময়তাে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী য়েদিয়ুৰপ্পাই শনিবাৰে উপ-নিৰ্বাচনত ভোটদান কৰাৰ লগতে বিগত কিছুদিন ধৰি নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ বাবে বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে পূৰ্বতেও ক’ভিড-১৯ত আক্ৰান্ত হৈ সুস্থ হৈ উঠা বহু লােক পুনৰবাৰ এই ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হােৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে বিজ্ঞানী মহলক।