নিৰ্বাচনী প্ৰচাৰত আৰক্ষীৰ বাধা! বিমানবন্দৰতে ধৰ্ণা বহিল এজন প্ৰাক্তন মুখ্যমন্ত্ৰী, আটক

নিৰ্বাচনী প্ৰচাৰত আৰক্ষীৰ বাধা! বিমানবন্দৰতে ধৰ্ণা বহিল এজন প্ৰাক্তন মুখ্যমন্ত্ৰী, আটক

March 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণত বাধা প্ৰদানৰ বাবেই বিমানবন্দৰতে ধৰ্ণাত বহিল এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। এনে কাৰ্যৰ বাবে আনকি আৰক্ষীয়ে আটক কৰে মুখ্যমন্ত্ৰীজনক।

উল্লেখ্য, অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে চিট্টৰলৈ যোৱাত আৰক্ষীয়ে বাধা প্ৰদান কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰীজনক আৰক্ষীয়ে এইদৰে বাধা প্ৰদান কৰাৰ পাছত তেওঁ আৰক্ষীৰ এনে কাৰ্যৰ বিৰোধিতা কৰি তিৰুপতি বিমানবন্দৰত ধৰ্ণাত বহে।

ইয়াৰ পাছতে আৰক্ষীয়ে নাইডুক আটক কৰে।

এনে কাৰ্যত ক্ষােভিত দলীয় নেতা-কৰ্মীয়ে চৰকাৰক প্ৰশ্ন কৰে যে ১৪ বছৰ ধৰি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা কৰা নাইডুৰ নিৰ্বাচনী প্ৰচাৰ চলােৱাৰ অধিকাৰ নাই নেকি?

এনে কাৰ্যক অগণতান্ত্ৰকি আখ্যা দি বিৰােধী দলসমূহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৱাই এছ আৰ চি পিয়ে জংঘলৰাজ চলোৱা বুলি কটাক্ষ কৰে।

উল্লখযোগ্য যে নাইডুৰ সভাই চিট্টৰৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাব বুলি দাবী কৰিছে আৰক্ষীয়ে।