
নিৰ্বাচনী কৌশল! মঞ্চত ৰাহুল গান্ধী নৃত্য, এখন হাতেৰে কৰিলে Push Up! ভিডিঅ’ ভাইৰেল
March 1, 2021নিউজ ডেস্ক। অসমকে ধৰি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘােষণাৰ পাছতে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত নামি পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেইনাৰ-নেতা-কৰ্মী।
ইয়াৰ মাজতে আকৌ একাংশ প্ৰচাৰকে ব্যতিক্ৰমী কাৰ্যপন্থাৰে ভােটাৰ ৰাইজক আকৰ্ষণৰ বাবে চলাইছ প্ৰচেষ্টা।
ইপিনে, নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ মাজতে এখন বিদ্যালয়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে মঞ্চতে নৃত্য কৰাৰ লগতে ব্যায়াম কৰাৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
উল্লেখ্য যে সোমবাৰে তামিলনাডুৰ মূলাগুমুৰুৰ ছেইণ্ট যোছেফ মেট্ৰিকুলেচন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈছিল ৰাহুল।
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে এক প্ৰশ্নোত্তৰ অনুষ্ঠানত অংশ লোৱাৰ লগতে নৃত্যও কৰিলে তেওঁ।

ভিডিঅ’ত দেখা অনুসৰি, ৰাহুলে ছাত্ৰ-ছাত্ৰীৰ সৈতে সংগীত পৰিৱেশন কৰাৰ লগতে হাতত হাত ধৰি নৃত্য কৰিছে। নৃত্যৰ সময়ত একাধিক বাৰ ভংগিমা সলোৱা দেখা পোৱা গল। তেওঁক অনুপ্ৰেৰণা যোগাবলৈ উপস্থিত সকলোৱে ৰাহুল ৰাহুল চিঞৰাও দেখা গৈছে।
#WATCH: Congress leader Rahul Gandhi dances with students of St. Joseph's Matriculation Hr. Sec. School in Mulagumoodubn, Tamil Nadu during an interaction with them pic.twitter.com/RaSDpuXTqQ
— ANI (@ANI) March 1, 2021
প্ৰথমতে তেওঁ মঞ্চত নৃত্য কৰিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু শিক্ষক-শিক্ষয়িত্ৰী সকলে অনুৰোধ কৰাৰ বাবে তেওঁ মঞ্চত উঠি নৃত্য কৰে। তেওঁক সংগ দি নৃত্য কৰে কেইগৰাকীমান ছাত্ৰী আৰু শিক্ষকে। এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
Push for win – pic.twitter.com/xaZh0bYtzI
— pallavi ghosh (@_pallavighosh) March 1, 2021
উল্লেখ্য যে আগন্তুক কেৰেলা বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৱা বুধবাৰে ৰাহুল গান্ধী প্ৰচাৰৰ বাবে উপস্থিত হৈছিল কেৰেলাৰ ঠাঙ্গেশ্বৰী সমুদ্ৰৰ পাৰত।
ভোটাৰৰ মন জয় কৰিবলৈ তেওঁ সেইদিনা মাছমৰীয়াৰ অভাৱ অভিযোগ শুনি আনকি সাগৰৰ পানীত পৰিও দিছিল। মাছমৰীয়াৰ লগত ১০ মিনিট সময় তেওঁ সাঁতুৰিছিলো। ইয়াৰোপৰি মাছ ধৰিছিল তেওঁ। যি দৃশ্য ভাইৰেল হৈ পৰিছিল।