নিৰ্বাচনত জয়ী হ’ল, কিন্তু ক’ভিডৰ হাতত পৰাজিত হ’ল এগৰাকী প্ৰাৰ্থী

May 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশৰ বিধানসভা নিৰ্বাচনৰ লগতে গাঁও পঞ্চায়তৰ নিৰ্বাচনত ঘটিল অনাকাঙ্খিত ঘটনা।

পশ্চিম বংগত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘােষণা পূৰ্বে ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যু ঘটিল এজন প্ৰাৰ্থীৰ। নিৰ্বাচনী ফলাফলত জয়লাভ কৰে কাজল সিন্হা নামৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থীজন।

নিৰ্বাচনত জয়ী হ’লেও ক’ভিডৰ হাতত পৰাস্ত হ’ল এজন বিধায়ক!

ইপিনে, দেওবাৰে উত্তৰ প্ৰদেশত ঘোষণা কৰা হৈছিল ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। কিন্তু এই ফলাফলত দেখা পোৱা গ’ল অনুৰূপ ঘটনা।

এগৰাকী মৃত মহিলাই জয় লাভ কৰিলে গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত। এই কথাই এতিয়া সকলোৰে মুখে মুখে। ঘটনাটো উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ।

জানিব পৰা মতে, প্ৰতাপগড়ৰ কলাকাংকৰ গাঁও পঞ্চায়তৰ বৰ্তমানৰ সভানেত্ৰী মঞ্জু সিঙে এইবাৰ পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সভানেত্ৰী পদত।

যোৱা ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ পিছত স্বাস্থ্যৰ অৱস্থা শোচনীয় হৈ পৰাত মৃত্যু হয় মঞ্জু সিঙৰ।

নিৰ্বাচনৰ পিছত যেতিয়া ২ মে’ অৰ্থাৎ দেওবাৰৰ দিনা ভোট গণনা হয়, তেতিয়া দেখা যায় যে মঞ্জু সিঙে নিৰ্বাচনত গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত বিজয় সাব্যস্ত কৰে।

২০২১ ৰ পঞ্চায়ত নিৰ্বাচনত মঞ্জু সিঙৰ প্ৰতিদ্বন্দ্বী আছিল তেওঁৰেই পৰিয়ালৰ লোক ঐশ্বৰ্য্য প্ৰতাপ সিং।

দেওবাৰৰ ভোট গণনাত মঞ্জু সিঙে ৪৫১ টা ভোট লাভ কৰি বিজয় সাব্যস্ত হিচাপে ঘোষিত হয়। তাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী ঐশ্বৰ্য্য প্ৰতাপে লাভ কৰে ৩০৩ টা ভোট। কিন্তু মঞ্জু সিঙে নিৰ্বাচনী যুঁজত জয় লাভ কৰিলে যদিও জীৱন যুদ্ধত পৰাজয় বৰণ কৰিলে।