নিৰ্ধাৰিত সময়তকৈ ৯ ঘণ্টা পলমকৈ ষ্টেছনত উপস্থিত হ’ল ৰে’ল! হাত চাপৰি বজাই, নাচি-বাগি আদৰিলে যাত্ৰীয়ে, চাওক ভিডিঅ’

নিউজ ডেস্কঃ ভাৰতত ষ্টেছনত ৰে’ল পলমকৈ উপস্থিত হোৱাটো কোনো নতুন কথা নহয়।

স্থানীয় যাত্ৰীবাহী ৰে’ল হওক বা এক্সপ্ৰেছ, প্ৰায়ে নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলাৰ বাবে প্ৰায়ে অসুবিধাৰ সন্মুখীন হৈ আহিছে সাধাৰণ যাত্ৰী।

ৰে’লখন পলম হ’লে কোনো কোনো ঠাইত প্ৰতিবাদ হয়, আৰু কোনো কোনো ঠাইত ষ্টেচনত ঘোষণা কৰি যাত্ৰীসকলৰ ওচৰত এই অসুবিধাৰ বাবে ক্ষমা বিচৰা হয়।

ৰেল যাত্ৰীৰ বাবেও এয়া এক সাধাৰণ দৃশ্য।

কিন্তু এই সকলোবোৰ সাধাৰণ ঘটনাৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক অসাধাৰণ ঘটনাৰ ভিডিঅ’।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা পোৱা গৈছে এটা ষ্টেছনৰ দৃশ্য।

ষ্টেছনত অনেক যাত্ৰীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে তেওঁলোকে যাত্ৰা কৰিবলগীয়া ৰে’লখনলৈ।

ৰে’লখন যি দিশৰ পৰা আহিব লাগিছিল সেই দিশৰ পৰাই কেইবাজনো যাত্ৰী প্লেটফৰ্মত থিয় হৈ থকা দেখা গৈছে।

কিছু সময়ৰ পাছত দূৰৈত পৰিলক্ষিত হয় পোহৰৰ এক বিন্দু। লগে লগে যাত্ৰী সকলৰ মাজত এক উছাহ বিয়পি পৰে। তাৰ পৰাই নিশ্চিত হয় যে তেওঁলোকে অপেক্ষা কৰা ৰে’লখন ষ্টেছন আহি পাইছে।

এইবাৰ ট্ৰেইনৰ ইঞ্জিনটো স্পষ্ট হৈ পৰে। ৰেলখন প্লেটফৰ্মত প্ৰৱেশ কৰাৰ লগে লগে এদল যাত্ৰীয়ে উল্লাসৰ সৃষ্টি কৰে।

যাত্ৰীসকলে হাত চাপৰি বজাই, নাচি বাগি যেন আদৰণি জনায় ৰে’লখনক।

অৱশ্যে এয়া ৰে’লখনৰ উদ্বোধনীৰ বাবে নহয়। ৰে’লখন নতুনো নহয়।

বৰঞ্চ নিৰ্ধাৰিত সময়তকৈ ৯ ঘণ্টা পলমকৈ ৰে’লখন ষ্টেছনত উপস্থিত হোৱাৰ বাবেহে এনেদৰে আনন্দ উল্লাস কৰি ৰেল খনক আদৰণি জনায় যাত্ৰীসকলে।

ৰে’লৰ পলম যাত্ৰাৰ বাবে যাত্ৰীসকলে কৰা এই অভিনৱ প্ৰতিবাদে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

ভিডিঅ’টো প্ৰত্যক্ষ কৰি নেট ব্যৱহাৰকাৰীয়ে হাঁহিৰ খোৰাক পালেও দৰাচলতে ভাৰতীয় ৰে’লসেৱাৰ এই পয়ালগা স্বৰূপটো উদঙাই দিছে এই ভিডিঅ’টোৱে।