নিৰ্দয় লোকে নিৰ্জন ঠাইত মাটিত পুতি থৈ গৈ সদ্যজাত দেৱশিশুক, দৈৱক্ৰমে প্ৰাণৰক্ষা…

মানৱতাক লজ্জানত কৰা এক ঘটনাই জোকাৰি গৈছে মধ্যপ্ৰদেশৰ শিৱপুৰী জিলা।

জিলাখনৰ পোহৰী তহচলিত কোনো নিৰ্মম হৃদয়ৰ লোকে মাটিত পুতি থৈ গ’ল এটি সদ্যজাত দেৱশিশুক। পিছত স্থানীয় ৰাইজে শিশুটিক উদ্ধাৰ কৰি আৰক্ষীৰ সহযোগত হাস্পতালত ভৰ্তি কৰোৱায়।

photo 2022 02 23 20 04 37
নিৰ্দয় লোকে নিৰ্জন ঠাইত মাটিত পুতি থৈ গৈ সদ্যজাত দেৱশিশুক, দৈৱক্ৰমে প্ৰাণৰক্ষা... 4

জানিব পৰা মতে, পোহৰী তহচিলক এক নিৰ্জন এলেকাত কোনো নিৰ্দয় লোকে মাতিত পুতি থৈ যায় এটা সদ্যজাত দেৱশিশুক। আনকি শিশুটি যাতে আনে দেখা নাপায়, তাৰ বাবে গাতৰ ওপৰত শিল আৰু কাঁইটীয়া জোপোহা গছো ৰোপণ কৰি থৈ যায় পাষণ্ডই।

আনহাতে স্থানীয় ৰাম প্ৰান্ত নামৰ এজন খেতিয়কে অঞ্চলটোত গৰু চৰাবলৈ যোৱাত মাটিৰ তলৰ পৰা কেঁচুৱাৰ কান্দোনৰ শব্দ শুনা পায়। তাৰ পিছত তেওঁ শিল আৰু গছৰ ঠাল-ঠেঙুলিসমূহ আঁতৰাই চোৱাত দেৱশিশুটি প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে।

ব্যক্তিজনে লগে লগে আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নৱজাতকটিক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নৱজাতকটিৰ জন্মহোৱা এদিন বা দুদিন হৈছে। দেৱশিশুটিৰ মূৰ, আঁঠু আৰু ভৰিৰ আঙুলিত আঘাতৰ চিন আছে। শিশুটিৰ পিতৃ-মাতৃ কোন আৰু কোনে এনে অমানৱীয় কাণ্ড সংঘটিত কৰিছে সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মানৱতাক ভূলুণ্ঠিত কৰা এই ঘটনাই এতিয়া জোকাৰি গৈছে সামাজিক মাধ্যমো।

লগতে চাওকঃ

৬০ৰ দশকতে মাতৃহাৰা হৰিণ পোৱালীক বুকুৰ গাখীৰ খুৱাই লালন-পালন কৰা ৰেণুকা দেৱী কৰৰ বিয়োগ

G2 13
নিৰ্দয় লোকে নিৰ্জন ঠাইত মাটিত পুতি থৈ গৈ সদ্যজাত দেৱশিশুক, দৈৱক্ৰমে প্ৰাণৰক্ষা... 5

কলেজীয়া ছাত্ৰী নিশাৰ হত্যাকাৰী ব্যৰ্থ প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

G2 14
নিৰ্দয় লোকে নিৰ্জন ঠাইত মাটিত পুতি থৈ গৈ সদ্যজাত দেৱশিশুক, দৈৱক্ৰমে প্ৰাণৰক্ষা... 6

Leave a Comment