নিৰ্দিষ্ট সময়ত হোমৰ গুৰিত উপস্থিত নহ’ল দৰা, খঙতে আত্মীয়ৰ সৈতেই বিয়াত বহিল কইনা

নিউজ ডেস্কঃ সময়মতে বিবাহ বাহৰত উপস্থিত নহ’ল দৰা। খঙতে আত্মীয়ৰ সৈতেই কন্যাক বিয়া দিলে কইনাৰ পিতৃয়ে।

এনে এখন চৰ্চিত বিবাহ সম্পন্ন হয় মহাৰাষ্ট্ৰৰ বুলধানা জিলাত। যোৱা ২২ এপ্ৰিলত জিলাখনৰ মালকাপুৰ পাংৰা গাঁৱত সম্পন্ন হৈ যায় বিয়াখন।

জানিব পৰা মতে, অতি ধুমধামেৰে আয়োজন কৰা হৈছিল বিয়াখন। বিয়াৰ শুভ মহুৰত আছিল আবেলি ৪ বজাত।

Maharashtra

বিয়াঘৰত ইতিমধ্যেই উখল মাখল পৰিৱেশে বিৰাজ কৰিছিল। মণ্ডপৰ গুৰিত সাজু হৈছিল পুৰোহিত, সাজি কাছি দৰালৈ অপেক্ষাত ৰৈছিল কইনা।

কিন্তু বিয়লিৰ শুভ মহুৰত পাৰ হৈ সন্ধিয়া হ’ল। তথাপি বিয়াঘৰত উপস্থিত নহ’ল দৰা! যাৰ ফলত চিন্তাক্লিষ্ট হৈ পৰে বিয়াঘৰৰ সকলোৰে মুখ। দৰা কিয় অহা নাই তাক লৈ সকলো উদ্বিগ্ন হৈ থকাৰ সময়তে নিশা প্ৰায় ৮ বজাত সুৰাসক্ত অৱস্থাত বিয়াঘৰত উপস্থিত হয় দৰা।

যাৰ ফলত কইনাৰ পিতৃয়ে দৰাৰ সৈতে কইনাক বিয়া দিবলৈ অস্বীকাৰ কৰে আৰু এজন আত্মীয়ৰ সৈতেই অৱশেষত বিয়াখন সম্পন্ন কৰে।

WhatsApp Image 2022 04 28 at 7

কইনাৰ পিতৃয়ে কয়, ”আমি দৰাৰ বাবে অপেক্ষা কৰি আছিলো, আনফালে দৰাই সুৰামত্ত হৈ বন্ধুৰ সৈতে নৃত্য কৰাত ব্যস্ত আছিল। যেতিয়া বহু পলমকৈ দৰা বিয়াঘৰত উপস্থিত হয়, তেতিয়াই আমাৰ সৈতে কাজিয়া কৰিবলৈ আৰম্ভ কৰে। যাৰ বাবে আমি তেওঁৰ সৈতে বিয়া বাতিল কৰি এজন আত্মীয়ৰ সন্মতিত আত্মীয়জনৰ সৈতেই জীয়াৰীৰ বিবাহ সম্পন্ন কৰো।’’

শেহতীয়াকৈ সামাজিক মাধ্যমত এই বিয়াখনে চৰ্চা লাভ কৰিছে। সুৰামত্ত হৈ বিয়াৰ কথা পাহৰি পেলোৱা দৰাৰ সৈতে অৱশেষত বিবাহ বাতিলৰ এই কাহিনীয়ে আমোদ দিছে নেটিজেনসকলকো।

Leave a Comment