নিৰাপত্তা বাহিনীক লক্ষ্য কৰি মাওবাদীয়ে স্থাপন কৰা দুটা শক্তিশালী IED বােমা উদ্ধাৰ ITBP ৰ

April 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশৰ মাওবাদী অধ্যুষিত এলেকাত শান্তি-শৃংখলা নিয়ন্ত্ৰণত ৰখাৰ বাবে নিয়ােজিত আৰক্ষী তথা কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ জােৱানক লক্ষ্য কৰি সময়ে-সময়ে ভয়ংকৰ কূটাঘাত সংঘটিত কৰিছে মাওবাদী সংগঠনৰ সদস্যসকলে।

এনে আক্ৰমণত ইতিমধ্যে শ্বহীদ হৈছে বহু জােৱান।

ইয়াৰ মাজতে বৃহস্পতিবাৰে মাটিত সংস্থাপন কৰা দুটা শক্তিশালী আই ই ডি বোমা উদ্ধাৰ কৰে আই টি বি পিয়ে।

এই বোমা দুটা উদ্ধাৰ কৰা হয় ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাত।

ITBP কৰ্তৃপক্ষই টুইটাৰত এই সন্দৰ্ভত কয় যে, এক অনুসন্ধান অভিযানত ১৫ কিলো আৰু ৫ কিলো ওজনৰ দুটা আই ই ডি ৰাজনন্দগাঁও জিলাৰ বাকাৰকাত্তাত ৪০ নং আই টি বি পি বেটেলিয়নে উদ্ধাৰ কৰি ধ্বংস কৰে।

নিৰাপত্তাৰক্ষীক আক্ৰমণৰ উদ্দেশ্য কৰি এই আই ই ডি দুটা স্থাপন কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। সাধাৰণতে এনে কাৰ্য নক্সালবাদী সকলে কৰে।

উল্লেখ্য যে যোৱা ২৩ মাৰ্চত জিলাখনৰ নাৰায়ণপুৰত নক্সালবাদীৰ আই ই ডি আক্ৰমণত তিনি জিলা আৰক্ষী জোৱান শ্বহীদ হৈছিল।

লগতে চাওকঃ

পূৰ্ব নিৰ্ধাৰিত বিবাহৰ বাবে অমান্তি হােৱাত বাগদত্তাৰ ঘৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এজন আৰক্ষী জােৱানে!