নিৰাপত্তাৰক্ষীৰ অভিযানত আটক আলফা (স্বাঃ)ৰ কেডাৰসহ এজন অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ…

অসম আৰক্ষীৰ আৰু নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানত আটক আলফা (স্বাঃ)ৰ কেডাৰসহ এজন অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ।

২২ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ টিনকোপানি সংৰক্ষিত বনাঞ্চলৰ পৰা আটক কৰা হয় দুয়োজনকে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে ৰাজ্যিক আৰক্ষীৰ সৈতে চলোৱা এক যুটীয়া অভিযানত নিষিদ্ধ ঘোষিত সংগঠনটোৰ সক্ৰিয় কেডাৰ আৰু অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ জনক আটক কৰিবলৈ সক্ষম হয়।

সদস্য দুজনৰ পৰা পিষ্টল, সক্ৰিয় গোলাবাৰুদৰ লগতে আন আন সামগ্ৰী উদ্ধাৰ কৰে।

আটক কৰা কেডাৰ আৰু অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰজনৰ পৰা উদ্ধাৰ কৰা সামগ্ৰীসমূহ পৰৱৰ্তী অনুসন্ধানৰ বাবে তিনিচুকীয়া জিলা আৰক্ষীৰ হাতত গতাই দিয়া হয়।

Leave a Comment