
নিউজ ডেস্কঃ ছত্তীশগড়ৰ বস্তাৰৰ বিজাপুৰ জিলাত শনিবাৰে নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত হয় দুগৰাকী মহিলাসহ ৪ জনকৈ মাওবাদী কেডাৰ।
শনিবাৰে পুৱা প্ৰায় ৭:৩০ বজাত মিৰ্টুৰ থানাৰ অন্তৰ্গত পমৰা গাঁৱৰ সমীপৰ এখন অৰণ্যত সংঘটিত হয় এই সংঘৰ্ষ।
বস্তাৰৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে জানিবলৈ দিয়া মতে, অৰণ্যৰ মাজত মাওবাদীৰ সংমণ্ডল সমিতিৰ সদস্য মোহন কদতি আৰু সুমিত্ৰা সহ এটা ৩০-৪০ জনীয়া দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে ডিআৰজি, এছটিএফ আৰু চিআৰপিএফ বাহিনীতে যুটীয়াভাৱে অভিযান চলায়।
অভিযানকালত মাওবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষীলৈ গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তাৰক্ষীয়েও।

ইফালে গুলীয়াগুলি শাম কটাৰ ফলত অঞ্চলটোৰ পৰা নিৰাপত্তাৰক্ষীয়ে দুগৰাকী মহিলা কেডাৰসহ ৪ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰে।
লগতে তিনিটা বন্দুকো সংঘৰ্ষস্থলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষীয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত মাওবাদী কেইজনৰ পৰিচয় এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।