
নিউজ ডেস্কঃ পশ্চিমবংগৰ এগৰাকী অভিনেত্ৰী তথা মডেলৰ বাসগৃহত ইডিৰ অভিযানত কোটি কোটি টকা উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। মডেল তথা অভিনেত্ৰী অৰ্পিতা মুখাৰ্জীৰ টলিগঞ্জস্থিত বাসগৃহৰ পৰা শুকুৰবাৰে সন্ধিয়া ইডিয়ে উদ্ধাৰ কৰে ২০ কোটি টকাৰ লগতে আন বহু সোণ-ৰূপৰ গহনা।
উল্লেখ্য যে, এছএছচি কেলেংকাৰী গোচৰত শুকুৰবাৰে কলকাতাৰ কেইবাটাও স্থানত তালাচী অভিযান চলায় তদন্তকাৰী সংস্থা ইডিয়ে। ইডিয়ে পুৱা ৰাজ্যিক মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ নকতলাস্থিত বাসগৃহৰ লগতে আন কেইবাটাও স্থানত অভিযান চলায়।

প্ৰয় ১১ ঘণ্টা ধৰি চলা এই অভিযানৰ অন্তত তদন্তকাৰী দলে সন্ধিয়া অৰ্পিতা মুখাৰ্জীৰ টলিগঞ্জস্থিত অভিজাত আৱাসত অভিযান চলায়। এই অভিযানকালত ইডিয়ে ২০ কোটি টকা নগদ ধনৰ লগতে ২০ টা মোবাইল ফোন জব্দ কৰে।
উল্লেখ্য যে, মডেল তথা অভিনেত্ৰী অৰ্পিতামুখাৰ্জী ৰাজ্য চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ হিচাপে পৰিচিত। খবৰ অনুসৰি এই ঘনিষ্ঠতাৰ আঁত ধৰিয়েই শুকুৰবাৰে অৰ্পিতা মুখাৰ্জীৰ বাসগৃহত অভিযান চলাইছিল ইডিয়ে। য’ত বৃহৎ নগদ ধনৰ পাহাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা ইডিৰ অভিযানত নগদ ধনৰ লগতে বিদেশী মুদ্ৰা আৰু সোণ উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছে। এগৰাকী সাধাৰণ আৰু অল্প জনপ্ৰিয় মডেলৰ ঘৰত ইমান পৰিমাণৰ ধন কেনেকৈ উদ্ধাৰ হ’ল, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে।
আনফালে শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অভিযান চলাই ইডিয়ে ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা কোটি কোটি টকা নগদ ধন উদ্ধাৰ কৰাৰ পিছতে শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় পশ্চিম বংগ চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীক।