অসম

নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰিল নৈশ বাছ, ৩০ গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত…

মানকাচাৰৰ মানুল্যপাৰাত ভয়ংকৰ দুৰ্ঘটনা।

এখন নৈশ বাছে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

তীব্ৰবেগী যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে।

বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বাছখনত থকা ৩০ জন যাত্ৰী আঘাতপ্ৰাপ্ত হয়।

ইতিমধ্যে, আঘাতপ্ৰাপ্ত যাত্ৰীকেইজনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পঞ্জীয়ন নম্বৰ হৈছে-এ এছ-০১এমচি-২৯৮৭।

মানকাচাৰৰ পৰা বাঘাপাৰাহৈ গুৱাহাটী অভিমুখে ৰাওনা হৈছিল যাত্ৰীবাহী বাছখন।

প্ৰায় ১২ কিলোমিটাৰ দূৰত্বৰ পথ অতিক্ৰম কৰাৰ পাছত বাছখন দুৰ্ঘটনাগ্ৰস্ত হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

ইতিমধ্যে আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰি হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button