নিয়ন্ত্ৰণহীন! ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ জনসাধাৰণ, উদ্বিগ্ন অভিভাৱক

নিয়ন্ত্ৰণহীন! ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ জনসাধাৰণ, উদ্বিগ্ন অভিভাৱক

February 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন অঞ্চলত শিল, বালি, মাটি ইত্যাদি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ বাবে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈছে। সময়ে-সময়ে এনে অনিয়ন্ত্ৰিত ডাম্পাৰৰ উদণ্ড চালকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে যদিও এনে ট্ৰাক-ডাম্পাৰৰ সন্ত্ৰাসৰ বাবে এতিয়াও সাধাৰণ নাগৰিকৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে।

পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত আজাৰা থানা আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাণী আৰক্ষী চকীৰ অধীনৰ আজাৰা ৰাণীগেটৰ পৰা অসম মেঘালয় সীমান্তৰ ৰাণী শুকুৰবৰীয়া সংযোগী এন ই চি পথচোৱাত দিনে নিশাই চলি থকা শ শ ডাম্পাৰৰ বাবে প্ৰায় ১৭ কিঃমিঃ দৈৰ্ঘ্যৰ পথচোৱাৰ বাসিন্দা সকলৰ স্বাভাৱিক জীৱন যাপনত ব্যাঘাতৰ সৃষ্টি হৈছে ।

আনকি এনে ডাম্পাৰৰ বাবে যিকোনো মুহূৰ্ততে এন ই চি পথচোৱাত ভয়াৱহ দুর্ঘটনা সংঘটন হোৱাৰ সম্ভাৱনা আছে বুলি অঞ্চলটোৰ সচেতন লোকসকলে ব্যক্ত কৰিছে ।

অৱশ্যে মাজে সময়ে বিগত সময়চোৱাত কেবাটাও সৰু বৰ দুর্ঘটনা সংঘটিত হৈছে য’ত ছাত্র-ছাত্ৰীকে ধৰি কেবাজনো নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহুজন আঁহত হৈ পংগু জীৱন-যাপন কৰিবলগীয়া হৈছে ।

অঞ্চলটোৰ সচেতন নাগৰিক সকলে জানিবলৈ দিয়া মতে পূৰ্বতে ৰাণী আৰক্ষী চকীৰ ফালৰ পৰা বিদ্যালয়ৰ শ্রেণী আৰম্ভ আৰু ছুটিৰ সময়ত এন ই চি পথত ডাম্পাৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

তেনেদৰে ৰাইজৰ সুৰক্ষাৰ বাবে সন্ধিয়াৰ পাছত ডাম্পাৰ চলিব দিয়া হোৱা নাছিল। কিন্ত ৰাণী আৰক্ষী চকীৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়াজনে এইক্ষেত্ৰত তেওঁৰ পূৰ্ববৰ্ত্তি ভাৰপ্ৰাপ্ত বিষয়া সকলৰ দৰে তেনে বাধা নিষেধ আৰোপ নকৰাত পথচোৱাৰ দুয়োফালে থকা চৰকাৰী-বেচৰকাৰী বিদ্যালয় সমূহত অধ্যয়নৰত শ শ ছাত্র-ছাত্ৰীয়ে অতি বিপদজনক আৰু শংকাৰ মাজত অহা যোৱা কৰি থাকিবলগীয়া হৈছে।

তেনেকৈ নিশাৰ ভাগত পথচোৱাত ভয়তে মানুহ ওলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে যাৰবাবে ৰাণী আৰক্ষী চকীৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ ডাম্পাৰ চলাচলৰ ক্ষেত্রত বিদ্যালয়ৰ পাঠদান আৰম্ভ আৰু ছুটীৰ সময়ত বাধা আৰোপ নকৰাৰ ৰহস্যজনক স্থিতিয়ে ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

সচেতন নাগৰিক সকলে এইক্ষেত্ৰত আৰক্ষীৰ উৰ্দ্ধতন কৰ্তৃপক্ষ আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক গৰাকীৰ হস্তক্ষেপ কামনা কৰিছে।

উল্লেখযোগ্য যে ৰাণীৰ গাতে লগা মেঘালয়ৰ ৰিভয় জিলাৰ পাহাৰ সমূহৰ পৰা দৈনিক শ শ ডাম্পাৰ আৰু ট্ৰাকে শিল-মাটি কঢ়িয়াই এন ই চি পথৰে বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি আহিছে।