নিষ্ঠুৰ শিক্ষাগুৰু! ছাত্ৰক শাস্তি দিয়াৰ উদ্দেশ্যে শিক্ষকে ল’লে আসুৰিক পন্থা, আটক শিক্ষক…

শিক্ষক সমাজক লজ্জানত কৰা বিভিন্ন ঘটনা বিভিন্ন সময়ত সংঘটিত হৈ আহিছে।

এইবাৰ পুনৰ শিক্ষক গুৰুৰ পুনৰ এক জঘন্য কাণ্ড পোহৰলৈ আহিছে।

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এগৰাকী শিক্ষকে এজন ছাত্ৰক শাস্তি দিয়াৰ উদ্দেশ্যে ল’লে এক আসুৰিক পন্থা।

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে এজন পাঁচবছৰীয়া শিশুক বিদ্যালয়খনৰ প্ৰথম মহলাৰ পৰা পেলাই দিয়াৰ ভয় দেখুৱায়।

ভাইৰেল হোৱা আলোকচিত্ৰখনত দেখা গৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মনোজ বিশ্বকৰ্মাই এজন কণমানি ছাত্ৰৰ ভৰিত ধৰি ছাত্ৰজনক বিদ্যালয় ভৱনৰ ওপৰৰ মহলাৰ পৰা ওলোটাকৈ ওলোমাই থৈছে।

এই আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হোৱাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ঘটনা অনুসৰি স্কুলৰ মধ্যাহ্নভোজনৰ বিৰতিৰ সময়ত কেইবাটাও শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বাহিৰত খেলি আছিল আৰু সেই সময়তে আন এজন ছাত্ৰক এই ছাত্ৰজনৰ কাজিয়া হৈছিল।

এই কাণ্ডৰ বাবেই প্ৰধান শিক্ষক মনোজ বিশ্বকৰ্মাই ছাত্ৰজনক টানি চোঁচৰাই ওপৰ মহলালৈ লৈ গৈছিল আৰু তেনেকৈ ওলোমাই ৰাখিছিল। লগতে তেওঁ ছাত্ৰজনক ওপৰৰ পৰা তললৈ পেলাই দিয়াৰ ভয়-ভাবুকি প্ৰদান কৰিছিল।

এই ঘটনাৰ পাছতে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় আৰু উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে শিক্ষকজনক আটক কৰি সোধা-পোছা কৰে।

Leave a Comment