নিষ্ঠুৰ নিয়তি! ৪ বছৰ পূৰ্বে ঘাতমাউৰা হৈছিল কণমানি ফুলফুলি-বিশ্বজিৎ, ৫ দিন পূৰ্বে হেৰুৱালে শেষ ভৰষা আইতাককো, শিশুদুটিৰ ভৱিষ্যতক লৈ চিন্তিত সকলো…

নিউজ ডেস্কঃ ৫ বছৰ পূৰ্বে হেৰুৱাইছিল পিতৃক! তাৰ মাত্ৰ এবছৰ পিছতে মাতৃকো হেৰুৱাই ঘাতমাউৰা হৈ পৰিছিল কণমানি ফুলফুলি আৰু বিশ্বজিৎ।

পিতৃ-মাতৃৰ মৃত্যুৰ পিছত একমাত্ৰ আইতাকেই আছিল দুয়োটি কণমানিৰ শেষ ভৰষা।

অতি কষ্টৰে ফুলফুলি আৰু বিশ্বজিতক ডাঙৰ দীঘল কৰিছিল আইতাকে।

কিন্তু নিয়তিৰ পৰিহাসত মাত্ৰ ৫ দিন পূৰ্বে সেইগৰাকী আইতাককো হেৰুৱাই এতিয়া দিকহাৰা হৈ পৰিছে কণমানি ভাতৃ-ভগ্নীহাল।

image 28
নিষ্ঠুৰ নিয়তি! ৪ বছৰ পূৰ্বে ঘাতমাউৰা হৈছিল কণমানি ফুলফুলি-বিশ্বজিৎ, ৫ দিন পূৰ্বে হেৰুৱালে শেষ ভৰষা আইতাককো, শিশুদুটিৰ ভৱিষ্যতক লৈ চিন্তিত সকলো… 4

অনাগত ভৱিষ্যতত শিশুদুটিৰ শিক্ষা-দীক্ষা, ভৰণ-পোষণক লৈও উদ্বিগ্ন হৈ পৰিছে গাঁওবাসী।

ঢকুৱাখনাৰ ধেনুখুনা শিলৈতাৰি গাঁৱত ঘৰ এই দুটি দুৰ্ভগীয়া কণমানিৰ।

ফুলফুলি গগৈ এতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰী। ভাতৃ বিশ্বজিৎ গগৈ পঢ়ি আছে তৃতীয় শ্ৰেণীত।

বিশ্বজিতৰ ২ বছৰ বসয়তে তেওঁলোকে পিতৃক আকস্মিকভাৱে হেৰুৱাইছিল। তাৰ পিছতে হেৰুৱাইছিল মাতৃকো।

বুঢ়ী আইতাকে তেতিয়াৰে পৰা অতি কষ্টৰে দুই শিশুক ডাঙৰ দীঘল কৰিছিল।

image 29
নিষ্ঠুৰ নিয়তি! ৪ বছৰ পূৰ্বে ঘাতমাউৰা হৈছিল কণমানি ফুলফুলি-বিশ্বজিৎ, ৫ দিন পূৰ্বে হেৰুৱালে শেষ ভৰষা আইতাককো, শিশুদুটিৰ ভৱিষ্যতক লৈ চিন্তিত সকলো… 5

কিন্তু মাত্ৰ ৫ দিন পূৰ্বে ফুলফুলি আৰু বিশ্বজিতে হেৰুৱায় শেষ ভৰষা আইতাককো।

যাৰ পিছত কণমানি শিশুদুটিৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে সকলো।

শিশুদুটিৰ শিক্ষা আৰু ভৰণ-পোষণৰ দায়িত্ব বহন কৰিবলৈ স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে গাঁওবাসীয়ে।