fbpx
অসমীয়াঅসম

নিষ্ঠুৰ নিয়তিয়ে প্ৰায় একেলগে কাঢ়ি লৈ গ’ল পিতৃ-মাতৃক! এতিয়া ভৱিষ্যতৰ চিন্তাত শোকবিহ্বল নীহাৰিকা…

নিউজ ডেস্কঃ নিষ্ঠুৰ নিয়তিয়ে প্ৰায় একেলগে পিতৃ-মাতৃ্ক কাঢ়ি নি ঘাটমাউৰা কৰিলে এগৰাকী কলেজীয়া ছাত্ৰীক।

পিতৃক হেৰুওৱাৰ প্ৰায় দুমাহ পিছতে মাতৃকো অকালতে হেৰুৱাই এতিয়া দিকহাৰা হৈ পৰিছে নীহাৰিকা।

উল্লেখ্য যে, দৰং জিলাৰ দেওমৰনৈৰ বৰিগাঁও নিৱাসী দুগ্ধৰাম শৰ্মাৰ প্ৰায় দুমাহ পূৰ্বে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল।

পিতৃক হেৰুওৱাৰ বেদনা বুকুৰ পৰা দূৰ নৌহওতেই ১২ দিন পূৰ্বে মাতৃ ভবিতা দেৱীকো হেৰুৱাবলগীয়া হয় নীহাৰিকাই।

জানিব পৰা মতে, প্ৰায় তিনিমাহ পূৰ্বে মাতৃৰ দেহত ধৰা পৰিছিল দুৰাৰোগ্য কৰ্কট ৰোগ।

এই ৰোগ ধৰাৰ পৰাৰ পিছতে মানসিক চিন্তাত মৃত্যু ঘটিছিল পিতৃৰ।

পিছত পলমকৈ মাতৃক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে মাতৃৰো।

দুগ্ধৰাম শৰ্মা আৰু ভৱিতা দেৱীৰ তিনি কন্যাৰ দুগৰাকী ইতিমধ্যে বিয়া হৈ ওলাই গৈছে।

ঘৰত বৰ্তমান আছে এতিয়া কেৱল কনিষ্ঠ কন্যা তথা দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী নীহাৰিকা শৰ্মা।

দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল দিছিল নীহাৰিকাৰ পিতৃয়ে।

কিন্তু এতিয়া পিতৃ-মাতৃ দুয়োকে হেৰুৱাই অশনি ভৱিষ্যতৰ আশংকাত ভুগিছে কিশোৰীগৰাকী।

যাৰ বাবে নীহাৰিকাই যাতে শিক্ষা সাং কৰি নিজৰ ভৰিত নিজে থিয় দিব পাৰে, তাৰ বাবে স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে গাঁওবাসীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!