ৰাষ্ট্ৰীয়

নিষ্ঠা আৰু সততাৰ বাবে ১৫ আগষ্টত সন্মানিত হোৱা চৰকাৰী বিষয়াক ঘোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ

মুখা খোল খালে এগৰাকী চৰকাৰী বিষয়াৰ।

ঘোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ হ’ল ৰাজস্থানৰ এগৰাকী জিলা শিক্ষা বিষয়া।

যি গৰাকী শিক্ষা বিষয়াক নিষ্ঠা আৰু সততাৰ বাবে যোৱা ১৫ আগষ্টত আগবঢ়োৱা হৈছিল সন্মান।

কিন্তু সন্মান লোৱাৰ দহদিন পিছতেই প্ৰকৃত স্বৰূপ ওলাই পৰে বিষয়াগৰাকীৰ। ৫০ হাজাৰ টকা উৎকোচ লওঁতেই হাতে লোটে ধৰা পৰে ৰাজস্থানৰ বৰমেৰ জিলাৰ শিক্ষা বিষয়া (ডিইঅ’) কেসৰ দান ৰত্নু।

জানিব পৰা মতে,  এখন বিদ্যালয়ৰ নিলম্বিত এজন শিক্ষক বাবুলালে এচিবি জয়সলমেৰৰ ওচৰত অভিযোগ কৰিছিল যে, তেওঁৰ নিলম্বনৰ সময়ছোৱাত দৰমহা আৰু বিভাগীয় তদন্তৰ সময়ত সহায়ৰ নামত শিক্ষা বিষয়া কেসৰ দান ৰত্নুৱে ২ লাখ টকাৰ উৎকোচ দাবী কৰিছিল।

এই অভিযোগক ২৪ আগষ্টত তদন্ত কৰা হৈছিল আৰু তাৰ তদন্তৰ কৰাৰ সময়তে কেসৰ দান ৰত্নক ৫০ হাজাৰ টকাৰ উৎকোচৰ লোৱাৰ সময়তে হাতে-লোটে ধৰা পেলাই।

বৰমেৰ জিলাৰ চৌহাটান চহৰৰ এখন ষ্টেচনৰী দোকানত দালাল জীৱন্দন আশু সিঙে কেসৰ দান ৰত্নুক ৫০,০০০ টকাৰ উৎকোচ দি থকাৰ অৱস্থাতে গ্ৰেপ্তাৰ কৰা হয়।

১৫ আগষ্টত কেবিনেট মন্ত্ৰী হেমাৰাম চৌধুৰী আৰু সংগ্ৰাহক-এছপিয়ে প্ৰাথমিক শিক্ষাৰ দ্বাৰা পৰিচালিত বিভিন্ন আঁচনিত উৎকৃষ্ট কাম কৰাৰ বাবে ডিইঅ’ কেসৰ দান ৰত্নুক সন্মানিত কৰিছিল।

উল্লেখ্য যে, ৩১ আগষ্টত অৱসৰ ল’ব লগা আছিলে বিষয়াগৰাকীৰ।

Related Articles

Back to top button